অমানৱীয়! অন্ধ মুছলমান বৃদ্ধক প্ৰথমে ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ বাধ্য; পৰৱৰ্তী সময়ত বৃদ্ধজনৰ দাড়িত জুই লগালে দুষ্কৃতিকাৰীয়ে

অমানৱীয়! অন্ধ মুছলমান বৃদ্ধক প্ৰথমে ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ বাধ্য; পৰৱৰ্তী সময়ত বৃদ্ধজনৰ দাড়িত জুই লগালে দুষ্কৃতিকাৰীয়ে

কোপ্পালত এক অমানৱীয় ঘটনা সংঘটিত হৈছে, য’ত এজন অন্ধ মুছলমান বৃদ্ধক দুষ্কৃতিকাৰীয়ে বলপূৰ্বকভাৱে বাইকত উঠাই শূন্য অঞ্চললৈ নি অমানৱীয়ভাৱে আক্ৰমণ কৰে। লগতে বৃদ্ধ লোকজনক জয় শ্ৰীৰাম বুলি ক’বলৈ বাধ্য কৰাই আৰু তেওঁৰ দাড়িত জুই লগাই দি ধন লুটি নিয়াৰ লজ্জাজনক কাণ্ড সংঘটিত কৰে। ২৫ নৱেম্বৰত কৰ্ণাটকৰ কোপ্পালত সংঘটিত হোৱা এই ঘটনা দেৰিকৈ পোহৰলৈ আহে। যোৱা ২৫ নৱেম্বৰৰ নিশা হোচপেট চহৰত অটো’ এখনৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে হুছেইন চাব (৬৫) নামৰ বৃদ্ধ ভুক্তভোগীজনৰ ওপৰত এই কাণ্ড সংঘটিত হয়।

উক্ত দিনা যেতিয়া বৃদ্ধ হুছেইন চাবে হোচপেট চহৰত নিশা ঘৰলৈ যাবলৈ অটো এখনৰ বাবে অপেক্ষা কৰি আছিল, তেতিয়া বাইকত অহা দুৰ্বৃত্তই বলপূৰ্বকভাৱে বৃদ্ধ লোকজনক বাইকত বহিবলৈ বাধ্য কৰাই পাম্পানগৰৰ ওচৰলৈ লৈ যায়। জানিব পৰা মতে, পিছত চিদ্দিকেৰীলৈ যোৱাৰ পথত ৰে’ল দলঙৰ তললৈ লৈ গৈ জয় শ্ৰীৰাম বুলি মাতিবলৈ বাধ্য কৰে আৰু মাটিত পেলাই দাড়িত জুই লগাই দিয়ে।

এই ঘটনা সন্দৰ্ভত হুছেইন চাবে অচিনাকি ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে। অভিযোগ কৰা হৈছে যে দুৰ্বৃত্তই তেওঁক চিদ্দিকীলৈ যোৱাৰ পথত ৰে’লৱে দলঙৰ তললৈ লৈ গৈছিল আৰু জয় শ্ৰী ৰাম উচ্চাৰণ কৰিবলৈ বাধ্য কৰাৰ সময়ত তেওঁক প্ৰহাৰ কৰিছিল। এই গোচৰৰ সৈতে জড়িত অচিনাকি ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে FIR ৰুজু কৰিছে।

এজাহাৰত হুছেইন চাবে কয়, ‘মই কামৰ বাবে হোচপেটলৈ গৈছিলো আৰু ২৫ নৱেম্বৰৰ মাজনিশা গংগাৱতীলৈ আহি ঘৰলৈ যাবলৈ অটো ষ্টেচনৰ ওচৰত ৰৈ আছিলো।’’ লগতে কয় যে, কেইজনমান যুৱকে বাইকত ক’লৈ গৈ আছিল বুলি তেওঁ প্ৰশ্ন কৰিলে। অভিযোগত উল্লেখ কৰা হৈছে যে তেওঁলোকে তেওঁক বাইকত বহিবলৈ বাধ্য কৰাই পাম্পানগৰৰ ওচৰলৈ লৈ গৈছিল। পিছত সিদ্দিকেৰীলৈ যোৱা বাটত ৰে’ল দলঙৰ তললৈ লৈ গৈ আক্ৰমণ কৰি জয় শ্ৰীৰাম ক’বলৈ বাধ্য কৰায়। তেওঁ ক’লে, ‘‘ যুৱকৰ এটা দলে মোক মাটিত পেলাই মাৰ–পিট কৰি দাড়িত জুই লগাই দিয়ে।’’

ইয়াৰোপৰি তেওঁ কয় যে, ‘‘ মই চকুৰেও স্পষ্টকৈ দেখা নাপাওঁ। সিঁহতে মোৰ টকা চুৰি কৰি লৈ গ’ল। পিছত পুৱা ভেড়া চোৱা-চিতা কৰা ল’ৰাবোৰে মোৰ ঘৰৰ ঠিকনা সুধিলে আৰু মোক উদ্ধাৰ কৰি ঘৰলৈ লৈ গ’ল।’’ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে নিশা গংগাৱতী নগৰ থানাত গোচৰ ৰুজু হোৱাৰ লগতে স্থানীয় মুছলমান নেতাসকলে এই কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী শিৱৰাজ থাংগাদাগীয়ে কয় যে, ‘‘এজন বৃদ্ধক আক্ৰমণৰ গোচৰটো মোৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত আমি আমাৰ এছ পি পঠিয়াইছো।’’ লগতে আক্ৰমণকাৰীক বিচাৰি উলিওয়া আৰু ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয়। জয় শ্ৰীৰাম বুলি ক’বলৈ বাধ্য কৰা অন্ধ বৃদ্ধৰ দাড়িত আক্ৰমণ আৰু জুই লগাই চলোৱা অমানৱীয় কাণ্ডৰ সন্দৰ্ভত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 

Source:News18

GTM Desk