অমিতাত থকা Cholineৰ উপস্থিতিয়ে নিদ্ৰাহীনতা সমস্যা দূৰ কৰে, জানো আহক সবিস্তাৰে…

অমিতাত থকা Cholineৰ উপস্থিতিয়ে নিদ্ৰাহীনতা সমস্যা দূৰ কৰে, জানো আহক সবিস্তাৰে…

ক’লিন অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যিটো অমিতাত পোৱা যায় যদিও ই শৰীৰৰ ভিতৰতো উৎপন্ন হয়, কিন্তু বহু সময়ত মানুহে প্ৰয়োজন অনুসৰি কলিন গ্ৰহণ কৰিব নোৱাৰে। এই কলিন আমাৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ আৰু আমি ইয়াক কেনেকৈ লাভ কৰিব পাৰো জানো আহক।

১. ক’লিন কিয় গুৰুত্বপূৰ্ণ?
শৰীৰৰ স্বাভাৱিক কাম-কাজৰ বাবে ক’লিনৰ প্ৰয়োজন, ই আপোনাৰ যকৃতৰ পৰাও কম পৰিমাণে নিৰ্গত হয়। স্নায়ুতন্ত্ৰ, বিপাকীয় ক্ৰিয়া, মগজুৰ বিকাশ আৰু পেশীৰ গতিবিধিৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।
২. ক’লিনে টোপনি সমস্যা দূৰ কৰে-
টোপনি আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ই শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। টোপনিৰ সময়ত শৰীৰে নিজকে পুনৰ কাৰ্যক্ষম কৰি তোলে আৰু মগজুৱে স্মৃতি প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণৰ কাম কৰে। টোপনিৰ অভাৱ বা টোপনিৰ মানদণ্ড বেয়া হ’লে অলসতা, ভাগৰুৱা, খিংখিঙীয়া, ক’ৰ’নাৰী ৰোগ, হৃদৰোগ আদি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৩. কি কি খাদ্যত ক’লিন পোৱা যায়-
* অমিতা-অমিতা এনে এবিধ ফল যিয়ে সাধাৰণতে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে পেটৰ সমস্যা দূৰ কৰে। এই ফলে শৰীৰত ক”লিন পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত টোপনি সমস্যা নিৰাময় হয়।
* কণীঃ-বিশেষকৈ কণী হালধীয়া অংশই পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ লগতে টোপনিৰ সমস্যা নিৰাময় কৰে। এটা কণীত প্ৰায় ১৪৭ মিলিগ্ৰাম কলিন থাকে।

* কুকুৰা মাংসঃ-সাধাৰণতে কুকুৰাৰ মাংসত প্ৰ’টিন পোৱা যায়, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে, কিন্তু নিয়মিতভাৱে সীমিত পৰিমাণত খালে ক’লিন পোৱা যায়।১০০ গ্ৰাম সিজোৱা কুকুৰাত প্ৰায় ৭৩ মিলিগ্ৰাম ক’লিন থাকে।

GTM Desk