অসমৰ ৰাইজ শুই থকা সিংহ, আজি সিংহ সাৰ পাইছে : ভূপেন বৰা
ধুবুৰী আৰু যোৰহাট সমষ্টিত জয়লাভৰ পিছতে উৎফুল্লিত কংগ্ৰেছ শিবিৰ। যোৰহাটত গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ বিপৰীতে ধুবুৰীত অভিলেখ ভোটৰ ব্যৱধানত জয়লাভ কৰে ৰকিবুল হুছেইনে। আজমলৰ দুৰ্গৰূপে খ্যাত ধুবুৰীত ৰকিবুল হুছেইনে অভিলেখ ভোটত জয়লাভ কৰাটোৱে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। ইপালে, নিৰ্বাচনী ফলাফলৰ মাজতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই।
ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘আমাৰ টকা নাছিল, কিন্তু আমাৰ ফলাফল ভাল হৈছে। ধুবুৰী আৰু যোৰহাটৰ জয়ে আমাক উৎসাহিত কৰিছে। অসমৰ ৰাইজ শুই থকা সিংহ, আজি সিংহ সাৰ পাইছে।’’
লগতে ভূপেন বৰাই কয়, যোৰহাটত সকলো মন্ত্ৰী গৈ প্ৰচাৰ চলাইচিল, কিন্তু নোৱাৰিলে। আজমলক জয়ী কৰাবলৈ মুখ্যমন্ত্ৰী লাগি গৈছিল, কিন্তু নোৱাৰিলে। গুৱাহাটীত আগতকৈ ২ লাখ ভোট আমাৰ বাঢ়িছে বুলিও উল্লেখ কৰে ভূপেন বৰাই।
ইফালে, এআইইউডিএফ সন্দৰ্ভত ভূপেন বৰাই কয়, AIUDF আৰু অসমৰ ইতিহাসৰ পৰা নাইকিয়া হৈ গ’ল। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ কেতিয়াবা ইণ্ডিয়াৰ হয়, কেতিয়াবা তেওঁলোক NDAৰ হয় বুলিও কয় ভূপেন বৰাই।