অস্ত যোৱাৰ দিশে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ! পৰিষদৰ পৰা বিদায় দিয়া হ’ব কৰ্মচাৰী!

অস্ত যোৱাৰ দিশে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ! পৰিষদৰ পৰা বিদায় দিয়া হ’ব কৰ্মচাৰী!

চৰকাৰী কৰ্মচাৰীৰ বোজা সহিব নোৱাৰে চৰকাৰে ৷ চৰকাৰী কৰ্মচাৰীৰ বোজা আতৰাবলৈ বিকল্প চিন্তা দিছপুৰৰ ৷ নিৰ্বাচনী অধিসূচনা ভংগ হোৱাৰ পিচতে কৃষি বিভাগত স্বেচ্চামূলক অৱসৰ ৷ দিছপুৰৰ সিদ্ধান্তত ৩৫০ গৰাকী কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি ৷ ৰাজ্যৰ কৃষক ৰাইজৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদান আৰু দাম নিযন্ত্ৰণক লৈ ৰাজ্যত গঠন হৈছিল অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ ৷ কৃষকৰ উৎপাদিত সামগ্ৰী উচিত মূল্য প্ৰদান আৰু বজান নিযন্ত্ৰণে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ আছিল প্ৰথম আৰু প্ৰধান কাম ৷

পিছে, দীৰ্ঘদিনীয়া সেৱাৰ অন্তত অৱশেষত ৰাজ্য চৰকাৰে বন্ধৰ দিশে সিদ্ধান্ত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ ৷ পৰিষদত পূৰ্বৰ ৭০০ গৰাকী বিষয়া কৰ্মচাৰীৰ বিপৰীতে এতিয়া থাকিব ৫৮ গৰাকী বিষয়া কৰ্মচাৰী ৷ ইয়াৰে প্ৰায় ৩৫০ গৰাকী কৰ্মচাৰীক স্বেচ্চামূলক অৱসৰ প্ৰদানৰ চিন্তা চৰ্চা চৰকাৰৰ ৷ দীৰ্ঘদিনে লাভৰ মুখ নেদেখা অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কাম কাজৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি একপ্ৰকাৰ স্পষ্ট কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ দেশত GST ব্যৱস্থা সংযোজনে একপ্ৰকাৰ কাম নহোৱা কৰিছে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ ৷

সেয়ে এনে সিদ্ধান্তৰ বাবে চৰকাৰে চিন্তা কৰা বুলি দাবী মন্ত্ৰী গৰাকীৰ ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ শতাধিক কৰ্মচাৰীৰ স্বেচ্চামূলক অৱসৰৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ তাৰ পিছত এতিয়া আকৌ কৃষি বিভাগৰ বিপনন পৰিষদ ৷ মুঠৰ ওপৰত চৰকাৰী বোজা হ্ৰাস কৰাৰ চিন্তা দিছপুৰৰ ৷ পিছে, চৰকাৰৰ এনে সিদ্ধান্ত এতিয়া কৰ্মচাৰী সকলে কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়?

GTM Desk