অৰুণাচলৰ পাছিঘাটত ড° ভূপেন হাজৰিকা বিষয়ক ইংৰাজী বিষয়ক গ্ৰন্থ “Bhupen Hazarika III” উন্মোচন

অৰুণাচলৰ পাছিঘাটত ড° ভূপেন হাজৰিকা বিষয়ক ইংৰাজী বিষয়ক গ্ৰন্থ “Bhupen Hazarika III” উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিৰ চৰ্চা কেৱল আনুষ্ঠানিক বক্তৃতা প্ৰদানৰ দিনতীয়া স্মৃতিচাৰণতে সীমিত কৰি নাৰাখি তাক দেশে-বিদেশে স্থায়ী ৰূপত প্ৰসাৰিত কৰাৰ মানসেৰে “চিত্ৰাচল পাব্লিকেশ্যন”ৰ হৈ মৃণাল শৰ্মাৰ দ্বাৰা প্ৰকাশিত আৰু ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক উৎপল মেনাৰ দ্বাৰা সম্পাদিত ভূপেন হাজৰিকা-চৰ্চাৰ এলানি গ্ৰন্থৰ তৃতীয়টি খণ্ড শুক্ৰবাৰে (৮ ছেপ্টেম্বৰ) শিল্পীগৰাকীৰ ওপজা দিন উপলক্ষে অৰুণাচল প্ৰদেশৰ পাছিঘাটত আয়োজিত এক মনোজ্ঞ অনুষ্ঠানত উন্মোচন কৰা হয়। ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ বনজিৎ ভট্টই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী,আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সাহিত্যক কালিং বোৰাং,অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং সমষ্টিৰ স্থানীয় বিধায়ক কালিং ময়ং,ভূপেন হাজৰিকাৰ পৰিচালনাত নিৰ্মিত অৰুণাচল প্ৰদেশৰ প্ৰথমখন হিন্দী চিনেমা “মেৰা ধৰম,মেৰী মা”ৰ এগৰাকী অভিনেতা তথা ভূপেনদাই মৰমতে ‘চাৰ্লি’ বুলি মতা ঝোৰাম টাজিং,ইষ্ট চিয়াং জিলাৰ সহকাৰী উপায়ুক্ত ওলি পৰমে আদি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে ড° ভূপেন হাজৰিকাৰ স্মৃতিচাৰণ কৰে ।অনুষ্ঠানলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ভূপেনদাৰ সংগীত যাত্ৰাৰ অন্যতম সহযোগী কমল কটকী আৰু বিশিষ্ট শিল্পী তথা ভূপেনদাৰ ভ্ৰাতৃ সমৰ হাজৰিকাকো আমন্ত্ৰণ জনোৱা হৈছিল যদিও বিশেষ অসুবিধাবশতঃ তেওঁলোক উপস্থিত থাকিব নোৱাৰিলেও তেওঁলোকে একোটাকৈ শুভেচ্ছামূলক ভাষণ লিখি পঠিয়ায় । হৃষিকেশ গোস্বামী,ময়ূৰ বৰা, ডঃ বনজিৎ ভট্ট,অচ্যুত কুমাৰ পাটোৱাৰী,কমল চন্দ্ৰ কটকী,মিত্ৰা ফুকন,দীপেন ৰাজকোঁৱৰ,হেমন্ত বৰ্মণ,কৰুণা কান্ত ৰয়,শিৱাণু বৰা,হেমচন্দ্ৰ বৰা, ডঃ মৌচুমী চহৰীয়া,উৎপল মেনা, পুলক গগৈ,ডঃ অভিজিৎ কুমাৰ দত্ত,হিমজ্যোতি তালুকদাৰ,হিৰক জ্যোতি শৰ্মা,প্ৰদ্যুৎ মিশ্ৰ,পংকজ নয়ন ভট্টাচাৰ্য্য,শ্বাবনা আজমী, নিৰোদ চৌধুৰী,কমল লোচন দাস, প্ৰকল্প ৰঞ্জন ভাগৱতী,ডঃ সুনীল কোঠাৰী,বেণী মাধৱ,ডঃ ভৱেশ দাস,মুকুল ৰাভা,উৎপল বৰপূজাৰী,ৰঞ্জন বেজবৰুৱা,চন্দন ভাগৱতী আদি বিভিন্নজনৰ গৱেষণামূলক আৰু অনুভৱ-অভিজ্ঞতামূলক ইংৰাজী লেখাৰে সমৃদ্ধ ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে পাছিঘাটৰ “কলেজ অব হৰ্টিকালচাৰ এণ্ড ফৰেষ্ট্ৰী”ৰ সন্মানীয় ডীন বি এন হাজৰিকাই । অনুষ্ঠানত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে ভূপেনদাৰ সান্নিধ্য লাভ কৰা শিল্পী নেইগি ৰিবাই । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা স্থানীয় যুৱক মাৰ্কিন টামুককে ধৰি বহু সংখ্যক লোকৰ গাম্ভীৰ্যপূৰ্ণ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিত সামৰণী ভাষণ প্ৰদান কৰে প্ৰকাশক মৃণাল শৰ্মাই । উল্লেখ্য যে ইতিপূৰ্বে প্ৰথম আৰু দ্বিতীয় খণ্ড দুটি ক্ৰমে কলকাতা আৰু নতুন দিল্লীত উন্মোচন কৰা গ্ৰন্থখনিৰ ২০২৪ চনত প্ৰকাশ পাবলগীয়া চতুৰ্থ খণ্ডটি “সাহিত্য চৰ্চা কেন্দ্ৰ, অসম”ৰ আহ্বানক্ৰমে ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজ চমুকৈ ‘চি আই আই এলৰ এছ আৰ এল চি’ৰ মিলেনিয়াম বেটছৰ সহযোগত মহীশূৰত উন্মোচন কৰা হ’ব ।

GTM Desk