আজি ধনতেৰাছ, সোণ, ৰূপ কিনাৰ সময় কেতিয়া..

আজি ধনতেৰাছ, সোণ, ৰূপ কিনাৰ সময় কেতিয়া..

আজি ধনতেৰছ। কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাছ পালন কৰা হয়। হিন্দু শাস্ত্ৰমতে ধনৰ অধিষ্ঠাত্ৰী দেৱীক আজি আৰাধনা কৰাৰ এটা বিশেষ দিন। আজিৰ দিনটোত ধাতু জাতীয় যিকোনো সামগ্ৰী ক্ৰয় কৰিলে কুবেৰ সন্তুষ্ট হয় বুলি প্ৰবাদ আছে। দীপাৱলীৰ দুটা দিন পূৰ্বে এই বিশেষ দিনটোত ভাৰতৰ সকলো প্ৰান্ততে বিশেষভাৱে উদযাপন কৰি অহা হৈছে। সোণ, ৰূপ, হীৰাৰ উপৰি যিকোনো সম্পত্তি ক্ৰয় কৰাৰ এটা বিশেষ দিন বুলি গণ্য কৰা হয় আজিৰ দিনটোক। বিশ্বাস মানুহে বিশ্বাস কৰে যে যদি আপুনি এই সময়ত বজাৰ কৰে, লক্ষ্মী ঘৰলৈ আহে। এই দিনটোত বজাৰ কৰাটোৱে ক্ৰেতাৰ সম্পদ তেৰ গুণ বৃদ্ধি কৰে।

কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত কুবেৰক পূজা কৰাৰ উদ্দেশ্যে ধনতেৰছ পালন কৰা হয়। দেৱালী পূৰ্বে অতি ধুমধামেৰে উদযাপন কৰা হয় ধনতেৰাছ। সন্ধিয়ালৈ ঘৰৰ সন্মুখত চাকি–বন্তি জ্বলায়ো মা লক্ষ্মীক পূজা কৰাৰ এক পৰম্পৰা ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰি অহা হৈছে। যিয়ে ধন, সোণ ক্ৰয় কৰিব নোৱাৰে, তেওঁলোকে এডাল ঝাড়ু বা নিমখ ক্ৰয় কৰিলেও আজিৰ দিনটোত শুভ বুলি গণ্য কৰা হয়।

এই পৱিত্ৰ দিনটোত অধিকাংশ লোকেই সোণ, ৰূপ, বাহন তথা ঘৰৰ কেতবোৰ সামগ্ৰী ক্ৰয় কৰে। কিন্তু হিন্দু ধৰ্মত যিকোনো কাম কৰাৰ আগতে শুভ মুহুৰ্তৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। এইবাৰ ধনতেৰাছ কেতিয়া আৰু এই দিনটোৰ কোন সময়ত সোণ আৰু ৰূপ ক্ৰয় কৰিব, আজি সেই বিষয়ে জানো আহক-

এই দিনটোত ত্ৰয়োদশী তিথি ১০ নৱেম্বৰৰ দুপৰীয়া ১২:৩৫ বজাত আৰম্ভ হ’ব আৰু ১১ নৱেম্বৰৰ নিশা ০১:৫৭ বজাত সমাপ্ত হ’ব। ধনতেৰাছত মা লক্ষ্মীৰ উপাসনাৰ পৱিত্ৰ সময় সন্ধিয়া ০৫:৪৭ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ০৭:৪৭ বজাত সমাপ্ত হ’ব। এইবাৰ ধনতেৰাছৰ সোণ ক্ৰয় কৰাৰ শুভ সময় হৈছে ১০ নৱেম্বৰৰ নিশা ১২:৩৫ বজাৰ পৰা ১১ নৱেম্বৰৰ পুৱা ০৬:৪০বজালৈ।

বিশ্বাস কৰা হয় যে এই দিনটোত সোণ, ৰূপ আৰু পিতলৰ বাচন ক্ৰয় কৰি মা লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰি।এ ই দিনটোত সন্ধিয়া ঘৰৰ মূল প্ৰৱেশ দ্বাৰত চাকিও জ্বলোৱা হয়।

GTM Desk

Related