আহি আছে কৌশিকী অমাৱস্যা, জানি লওক এই পুণ্যতিথিত কি কৰিব, নকৰিব কোনো ভুল

আহি আছে কৌশিকী অমাৱস্যা, জানি লওক এই পুণ্যতিথিত কি কৰিব, নকৰিব কোনো ভুল

১৪ ছেপ্টেম্বৰত কৌশিকী অমাৱস্যা। শাক্ত আৰু তন্ত্ৰসাধকসকলৰ বাবে এই দিনটো বিশেষ গুৰুত্বপূৰ্ণ। ভাদ মাহৰ অমাবস্যাত পালন কৰা হয় এই কালী সাধনাৰ মাতাত্ম্য গভীৰ বুলি বিশ্বাস কৰে ভক্তসকলে। এই তিথিত পালন কৰিবলগীয়া কিছুমান নিয়ম আছে। জানি লওক কি কৰিব, কি নকৰিব এই তিথিত।

এই পুণ্যতিথিত ঘৰ–বাৰী পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখক। একো বাচন–পত্ৰ যাতে পৰি নাথাকে। পুৰণি আৰু ফটা কাপোৰ–কানি সন্মুখত নাৰাখিব। ঘৰ আৰু চৌপাশ পৰিষ্কাৰ কৰি ৰাখক।

কৌশিকী অমাবস্যাত বাঢ়িব পাৰে অশুভ শক্তিৰ প্ৰভাৱ। নিগেটিভ শক্তি দূৰ কৰি পজিটিভ শক্তিক আৱাহন জনাবলৈ সন্ধিয়াৰ পিছত ঘৰৰ মূল দুৱাৰৰ সন্মুখত জ্বলাই ৰাখক দুগচি তিলৰ বন্তি।

জ্যোতিষীসকলৰ মতে, কৌশিকী অমাবস্যাৰ সন্ধিয়া কুঁৱা বা মাটিত কৰা কোনো গাঁতত এচামুচ গাখীৰ ঢালিলে দূৰ হয় জীৱনৰ বাধা–বিঘিনি।

কৌশিকী অমাৱস্যাৰ নিশা ঘৰৰ পৰা বেছি দূৰত মহিলাসকলে অকলে নোযোৱাই ভাল। যদি যাবলগা হয় তেন্তে লগত ৰাখক তুলসী পাত।

কিন্তু অমাবস্যাত তুলসীপাত নিচিঙিব। সেয়ে আগতেই সেয়া চিঙি ৰাখক। কালী মাৰ চৰণত নিবেদন কৰক ৰঙা জবা আৰু সেন্দুৰ। জীৱনৰ পৰা দৱৰ হ’ব কুপ্ৰভাৱ।

GTM Desk

Related