আহি আছে বছৰৰ শেষৰটো সূৰ্য গোচৰ! মহাবিপদত ওলট-পালট হ’ব পাৰে এই ৪ ৰাশিৰ জীৱন! জানক প্ৰতিকাৰ

আহি আছে বছৰৰ শেষৰটো সূৰ্য গোচৰ! মহাবিপদত ওলট-পালট হ’ব পাৰে এই ৪ ৰাশিৰ জীৱন! জানক প্ৰতিকাৰ

এই বছৰত গ্ৰহৰ অধিপতি সূৰ্য্যই শেষবাৰৰ বাবে নিজৰ অৱস্থান সলনি কৰিবলৈ ওলাইছে। ১৬ ডিচেম্বৰত সূৰ্য্যই ধনু ৰাশিত প্ৰৱেশ কৰিব। ১৫ জানুৱাৰীলৈ এই ৰাশিত থাকিব সূৰ্য্যদেৱ। সূৰ্য্য নৱগ্ৰহৰ অধিপতি। ফলত ১২ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব, কোনোবা কম, আৰু কোনোবা বেছি প্ৰভাৱিত হ’ব। জ্যোতিষীৰ মতে চলিত বৰ্ষৰ শেষৰ সূৰ্যগ্ৰহণৰ সময়ত কেইবাজনো লোক বিপদত পৰিব পাৰে। আকৌ এই অৱস্থান পৰিৱৰ্তন কিছুমান ক্ষেত্ৰত উপকাৰী হ’ব পাৰে।

বৃষ ৰাশি
এই ৰাশিৰ জাতক-জাতিকাই নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। এই সময়ত মানসিক অশান্তি বাঢ়িব পাৰে। ছাত্ৰ-ছাত্ৰীৰ মানসিক অৱস্থা বিঘ্নিত হব পাৰে। জাতক-জাতিকাসকল যান-বাহন দুৰ্ঘটনাৰ পৰা সাৱধান হোৱা উচিত। এই সময়ত চাউল দান কৰিব লাগে।

কন্যা ৰাশি
এই ৰাশিৰ জাতক-জাতিকাৰ পাৰিবাৰিক বিবাদ বাঢ়িব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। টকাৰ অপচয় হ’ব পাৰে। ৰোগ নিৰাময়ৰ বাবে ৰঙা ফল দান কৰিব লাগে।

মকৰ ৰাশি
যিকোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকক। সমাজত সন্মান হেৰুৱাব পাৰে। গতিকে অশান্ত পৰিস্থিতিৰ সৃষ্টি হ’লে শান্ত হৈ থকাটোৱেই ভাল।

কুম্ভ ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলে যিকোনো কামতে ক্ষতিৰ সন্মুখীন হ’ব পাৰে। এই সময়ত কোনো শুভ কাম নকৰাই ভাল। সম্পৰ্কত বিভিন্ন বিবাদ বাঢ়িব। ধন-সম্পত্তি পালেও সেই ধন-সম্পত্তি ৰক্ষা কৰিব নোৱাৰি।

GTM Desk