এমহীয়া সন্তানক এৰি কিয় চৰম সিদ্ধান্ত ল’লে মৰমীয়ে? মৰমীৰ মৃত্যুক লৈ মহানগৰীত চাঞ্চল্য

এমহীয়া সন্তানক এৰি কিয় চৰম সিদ্ধান্ত ল’লে মৰমীয়ে? মৰমীৰ মৃত্যুক লৈ মহানগৰীত চাঞ্চল্য

ৰাজ্যত পুনৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ কৃষ্ণ নগৰত মৰমী ডেকা নামৰ মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।

ৰাজ্যত পুনৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু। এইবাৰৰ ৰাজধানী মহানগৰীত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা।

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ গুৱাহাটীৰ কৃষ্ণ নগৰত চাঞ্চল্য। গভীৰ ৰহস্যৰ মাজত এমহীয়া সন্তানৰ মাতৃৰ মৃত্যুৰ কৰুণ ঘটনা।

মহানগৰীৰ কৃষ্ণ নগৰত মৰমী ডেকা নামৰ এগৰাকী মহিলাৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত মৰমী ডেক নামৰ মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ চামগুৰিত।

এটি এমহীয়া সন্তানৰ মাতৃ আছিল মৃত মৰমী ডেকা। হৰেন্দ্ৰ ডেকাৰ লোকজনৰ দ্বিতীয় পত্নী আছিল মৃত মৰমী।

স্বামীৰ পৰিয়ালৰ মতে মৰমীয়ে গামোচাৰে বাছি লৈছে চৰম পন্থা। কিন্তু আৰক্ষীক খবৰ নিদিয়াকৈ মৃতদেহ হাস্পতাললৈ লৈ গৈছিল পৰিয়ালে। চিপ লোৱা গামোচা কাটি পৰিয়ালে হাস্পতাললৈ লৈ গৈছিল মৃতদেহ।

স্থানীয় লোকৰ মতে এয়া ‘এক পৰিকল্পিত হত্যাকাণ্ড’। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

GTM Desk