কটনৰ ছাত্ৰীৰ মৃত্যুক লৈ ৰহস্য!
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ ৰহস্য এতিয়াও অন্ত পৰা নাই। ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনা এতিয়াও মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে। ঘটনাৰ সঠিক তদন্ত কৰাৰ দাবী পৰিয়ালৰ। ঘটনাত কোনো ৰহস্য থকাৰ সন্দেহ পৰিয়াল লোকৰ।
এগৰাকী প্ৰশাসনিক বিষয়া হোৱা লক্ষ্যৰে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল ছাত্ৰীগৰাকীয়ে। কিন্তু সেই সপোন সপোন হৈয়ে ৰ’ল। পৰিয়ালৰ মতে, শিক্ষানুষ্ঠানৰ বান্ধৱীক সোধা-পোছা কৰিলে স্পষ্ট হ’ব সকলো। এদিনৰ পূৰ্বে ঘৰৰ সৈতে ভালকৈ যোগাযোগ কৰা ছাত্ৰীগৰাকীয়ে চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে বুলি মন্তব্য।
ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বে দণ্ডাধীশে পৰীক্ষা কৰিব মৃতদেহ।