ক’ভিশ্বিল্ড প্ৰতিষেধক লোৱা লোকৰ মাজত শংকা, ক’ভিশ্বিল্ডৰ মাতৃ প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাই প্ৰত্যাহাৰ কৰিলে কোভিড প্ৰতিষেধক

ক’ভিশ্বিল্ড প্ৰতিষেধক লোৱা লোকৰ মাজত শংকা, ক’ভিশ্বিল্ডৰ মাতৃ প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাই প্ৰত্যাহাৰ কৰিলে কোভিড প্ৰতিষেধক

এষ্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰ পৰা ওভতাই আনিব কোভিড প্ৰতিষেধক। কোভিভ প্ৰতিষেধক ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বাতৰিয়ে ইতিমধ্যে ভাৰতত ক’ভিশ্বিল্ড প্ৰতিষেধক লোৱা লোকৰ মাজত শংকাৰ সৃষ্টি কৰিছিল। এইবাৰ ক’ভিশ্বিল্ডৰ মাতৃ প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰ বজাৰত বিতৰণ হোৱা কোভিড প্ৰতিষেধক ওভতাই আনিম বুলি প্ৰকাশ কৰা বাতৰিয়ে আনিছে অধিক শংকা। মঙলবাৰে ব্ৰিটেইনৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰে পৰা ভেক্সজেভেৰিয়া কোভিড প্ৰতিষেধকবিধ ওভতাই অনাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে।

এষ্ট্ৰাজেনেকাই ওভতাই আনিব কোভিড প্ৰতিষেধক।
সমগ্ৰ ইউৰোপৰ পৰা ঘূৰাই আনিব কোভিড প্ৰতিষেধক।
ঘূৰাই আনিব বজাৰত বিতৰণ কৰা ‘ভেক্সজাভেৰিয়া’।
এষ্ট্ৰাজেনেকাৰ সিদ্ধান্তক লৈ ভাৰতত শংকাৰ সৃষ্টি হৈছে।
এষ্ট্ৰাজেনেকাৰ ‘ভেক্সজাভেৰিয়া’ ভাৰতৰ ক’ভিশ্বিল্ড।
ছিৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰিছিল ক’ভিশ্বিল্ড।
এষ্ট্ৰাজেনেকাৰ প্ৰযুক্তিৰে প্ৰস্তুত কৰিছিল ক’ভিশ্বিল্ড।
কভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বাতৰিত এতিয়া শংকিত বহু ভাৰতীয়।

এষ্ট্ৰাজেনেকাৰ এনে সিদ্ধান্তই ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাৰণ এষ্ট্ৰাজেনেকাৰ ভেক্সজেভেৰিয়া কোভিড প্ৰতিষেধক বিধ ভাৰতৰ ছিৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই ক’ভিশ্বিল্ড নামেৰে ভাৰতত প্ৰস্তুত কৰিছিল।

শেহতীয়াকৈ প্ৰকাশ হৈছিল ক’ভিশ্বিল্ডৰ ফলত হ’ব পৰা পাৰ্শ্বক্ৰিয়াৰ কথা। অৱশ্যে ব্ৰিটেইনৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বৰ পৰা প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা প্ৰতিষেধকবিধ ওভতাই অনা সন্দৰ্ভত অন্য কাৰণহে প্ৰকাশ কৰিছে। এষ্ট্ৰাজেনেকাই প্ৰকাশ কৰা অনুসৰি, কোভিড মহামাৰীৰ পাছত বিশ্বজুৰি কোভিড প্ৰতিষেধক সুলভ হৈ পৰাৰ পৰিপ্ৰেক্ষিততহে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে বিশ্বৰ ভিন্ন প্ৰান্তত বিতকৰণ কৰা প্ৰতিষেধকসমূহ ওভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা ভেক্সজেভেৰিয়া নামৰ কোভিড প্ৰতিষেধকবিধ শীঘ্ৰেই সমগ্ৰ ইউৰোপৰ পৰা ওভতাই আনিব বুলি প্ৰকাশ কৰিছে। ইউৰোপৰ পিছতে বিশ্বৰ অন্যান্য দেশৰ পৰাও কোভিড প্ৰতিষেধকবিধ ওভতাই অনাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰিলে ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। লক্ষণীয়ভাৱে ইতিমধ্যে এছট্ৰাজেনেকাই ভেক্সজাভেৰিয়া নামৰ ক’ভিড প্ৰতিষেধক বিধ প্ৰস্তুত কৰা বন্ধ কৰিছে।

GTM Desk