ক’ভিশ্বিল্ডক লৈ ভয় খাব লগা নাই, হাৰ্টএটেক বেলেগ বেলেগ কাৰণতো হ’ব পাৰে, ভেকচিনৰ বাবেই নহয়: কেশৱ মহন্ত

ক’ভিশ্বিল্ডক লৈ ভয় খাব লগা নাই, হাৰ্টএটেক বেলেগ বেলেগ কাৰণতো হ’ব পাৰে, ভেকচিনৰ বাবেই নহয়: কেশৱ মহন্ত

ছোৱাইন ফ্লুৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া। ছোৱাইন ফ্লুৰ ক্ষেত্ৰত H1n1আৰু H3n2 ভাইৰাছৰ পৰা সাধাৰণতে হয়। শিলচৰত ছোৱাইন ফ্লু হৈ এটি শিশুৰ মৃত্যু হৈছে। ছোৱাইন ফ্লুৰ লক্ষণ চৰ্দি বা তেনেধৰণৰ। ছোৱাইন ফ্লুৰ বাবে সষ্টম আৰু সক্ৰিয় হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ইতিমধ্যে কেইবাস্থানত ছোৱাইন ফ্লুৰ টেষ্টিং আৰম্ভ হৈছে। স্বাস্থ্য বিভাগে ইয়াৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা বুলি জনাই স্বাস্থ্যমন্ত্ৰীয়ে।

আনহাতে ৰাজ্যত শেহতীয়াকৈ প্ৰাদুৰ্ভাৱ হোৱা কলেৰা ৰোগৰ সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ‘‘ডিব্ৰুগড়ৰ ফালে দুজনৰ শৰীৰত কলেৰা হৈছিল। তাৰ পাছতে যাৱতীয় টেষ্ট আৰু তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।’’

ক’ভিড ভেক্সিন ক’ভিশ্বল্ডক লৈ হৈ থকা চৰ্চা সন্দৰ্ভতো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ‘‘ক’ভিশ্বিল্ডক লৈ ভয় খাব লগা নাই। হাৰ্টএটেক বেলেগ বেলেগ কাৰণতো হ’ব পাৰে, ভেকচিনৰ বাবেই নহয়। সংবাদ মাধ্যমত ক’ভিশ্বিল্ড সম্পৰ্কে প্ৰকাশিত বাতৰি স্বাস্থ্য বিভাগৰ বিশেষজ্ঞৰ মতে মিলা নাই। যিকোনো ভেকচিনৰ পাৰ্শ্বক্ৰিয়া থাকিব পাৰে। স্বাস্থ্য বিভাগৰ ফ্ৰন্টলাইন আশা কৰ্মীৰ পৰা স্বাস্থ্য বিভাগৰ মুৰব্বীলৈকে প্ৰথমে ক’ভিশ্বিল্ড লৈছিল, তাৰপাছত হে ৰাইজক দিয়া হৈছে। ভেকচিনৰ ৰিয়েকচন হ’লে ৬ মাহলৈকে থাকিব পাৰে, তাৰ পাছত আৰু নাথাকে। বিশেষজ্ঞৰ মতামত অনুসৰি বাতৰিত ওলোৱা কথাবোৰ সত্য বুলি প্ৰতিষ্ঠিত কৰিব পৰা নাযায়।’’

GTM Desk

Related