কলেজীয়া ছাত্ৰীৰ ফটো অশ্লীল কৰি ভাইৰেল কৰা বিল্লাল অৱশেষত জালত পৰিল, দৰঙৰ পৰা গ্ৰেপ্তাৰ বিল্লাল হুছেইনক

কলেজীয়া ছাত্ৰীৰ ফটো অশ্লীল কৰি ভাইৰেল কৰা বিল্লাল অৱশেষত জালত পৰিল, দৰঙৰ পৰা গ্ৰেপ্তাৰ বিল্লাল হুছেইনক

বেলতলা মহাবিদ্যালয়ৰ ফটো ভাইৰেল কাণ্ডৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ আৰক্ষীৰ। দৰঙৰ ধূলাৰ পৰা গ্ৰেপ্তাৰ বিল্লাল হুছেইন নামৰ মাষ্টাৰ মাইণ্ডটো। ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ চেলে গ্ৰেপ্তাৰ কৰে বিল্লাল হুছেইনক। প্ৰায় ৬ মাহ ধৰি পলাই আছিল বিল্লাল হুছেইন।

উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বেলতলা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ অশ্লীল ফটো ভইৰেল হৈছিল। একেলগে প্ৰায় একাধিক ছাত্ৰীৰ ফটো ভাইৰেল হৈ পৰিছিল। ছাত্ৰীৰ ফটো অশ্লীল ৰূপত সম্পদনা কৰিছিল ভাইৰেল কৰিছিল এটা দুষ্ট চক্ৰই। ছাত্ৰীৰ ফটো ভাইৰেল কৰা চক্ৰটোৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছিল আৰক্ষীও। অৱশেষত ঘটনাৰ প্ৰায় ৬ মাহ পিছতে মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল আৰক্ষী।

GTM Desk

Related