একে সৰলৰেখাত থকা ৭টা শিৱমন্দিৰ হৈছে উত্তৰাখণ্ডৰ কেদাৰনাথ, তামিলনাডুৰ অৰুণাচলেশ্বৰ, থিল্লাই নটৰাজ, জম্বুকেশ্বৰ, একামবেশ্বৰনাথ, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকালহস্তী আৰু শেষত আছে ৰামেশ্বৰম। ইয়াৰ মাজতেই শ্ৰীকালহস্তী শিৱ মন্দিৰে পানী বা জলক প্ৰতিনিধিত্ব কৰে। একামবেশ্বৰনাথ মন্দিৰে জুইক প্ৰতিনিধিত্ব কৰে, অৰুণাচলেশ্বৰে বতাহক প্ৰতিনিধিত্ব কৰে, জম্বুকেশ্বৰে মাটিক প্ৰতিনিধিত্ব কৰে আৰু থিল্লাই নটৰাজ মন্দিৰে আকাশক প্ৰতিনিধিত্ব কৰে। প্ৰতিটো মন্দিৰেই দ্ৰাঘিমাংশ ৰেখাৰ ৭৯ ডিগ্ৰীত অৱস্থিত। এই ৰেখাক শিৱ শক্তি অক্ষৰেখাও কোৱা হয়। এই মন্দিৰসমূহ প্ৰায় ৪০০০ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল। যেতিয়া অক্ষাংশ আৰু দ্ৰাঘিমাংশ জোখাৰ বাবে কোনোধৰণৰ চেটেলাইট প্ৰযুক্তিৰ অস্তিত্ব নাছিল। কেৱলমাত্ৰ গণিত গণনাৰ জোৰতেই নিৰ্ভুলভাৱে দেশৰ দুই প্ৰান্তক এক সৰলৰেখাত সংযোগ কৰি নিৰ্মাণ কৰা হৈছিৱ ৭টাকৈ শিৱমন্দিৰ। এই ৭টা মন্দিৰৰ কি কি বিশেষত্ব আছে?
কেদাৰনাথ ধাম
দ্ৰাঘিমাংশ ৰেখাৰ ৭৯.০৬৬৯ ডিগ্ৰীত অৱস্থিত কেদাৰনাথ মন্দিৰ। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত কেদাৰনাথক অৰ্ধজ্যোতিৰ্লিংগ বুলিও কোৱা হয়। নেপালৰ পশুপতিনাথক ইয়াৰ পাছতেই অৰ্ধজ্যোতিৰ্লিংগৰ শাৰীত ধৰা হয়। মহাভাৰতৰ যুগত পাণ্ডৱে এই মন্দিৰ নিৰ্মাণ কৰা বুলি পুৰণি গ্ৰন্থসমূহত উল্লেখ আছে। পাছলৈ এই মন্দিৰ আদিশংকৰাচাৰ্যই পুনঃনিৰ্মাণ কৰিছিল।
শ্ৰীকালহস্তী মন্দিৰ
অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰত অৱস্থিত এই মন্দিৰ তিৰুপতিৰ পৰা ৩৬ কিঃমিঃ দূৰত অৱস্থিত। দ্ৰাঘিমাংশ ৰেখাৰ ৭৯.৬৯৮৩ ডিগ্ৰীত এই মন্দিৰ অৱস্থিত।
একামবেশ্বৰনাথ মন্দিৰ
৭৯.৪২০০ ডিগ্ৰী দ্ৰাঘিমাংশ ৰেখাত অৱস্থিত একামবেশ্বৰনাথ মন্দিৰ। পল্লৱা ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল। পাছলৈ চোল বংশ আৰু বিজয়নগৰৰ ৰজাই মন্দিৰৰ পুনঃনিৰ্মাণ কৰে। এই মন্দিৰত পানীৰ সলনি মহাদেৱক তেল নিবেদন কৰা হয়।
অৰুণাচলেশ্বৰ মন্দিৰ
দ্ৰাঘিমাংশ ৰেখাত ৭৯.০৬৭৭ ডিগ্ৰীত অৱস্থিত এই মন্দিৰো চোলবংশী ৰজাই নিৰ্মাণ কৰিছিল।
জম্বুকেশ্বৰ মন্দিৰ
১৮০০ বছৰ পূৰণা এই মন্দিৰৰ গৰ্ভগৃহৰে পানীৰ সোঁত সকলোসময়তে প্ৰবাহিত হৈ থাকে।
থিল্লাই নটৰাজ মন্দিৰ
মহাদেৱৰ নটৰাজ ৰূপৰ পূজা কৰা হয় এই মন্দিৰত। এই মন্দিৰতেই মহাদেৱৰ সকলোতকৈ পুৰণি ১০৮টা নৃত্যৰত ৰূপৰ ছবি আছে।
ৰামেশ্বৰম জ্যোতিৰ্লিংগ
সীতাক উদ্ধাৰৰ বাবে লংকা অভিযানত যাওতে স্বয়ং ৰামচন্দ্ৰই এই মন্দিৰ স্থাপন কৰিছিল। দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম হৈছে ৰামেশ্বৰম।