কোকৰাঝাৰত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত যুৱক…

কোকৰাঝাৰত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত যুৱক…

কোকৰাঝাৰৰ জিলাৰ বালাজান উপ -আৰক্ষী চকীৰ অন্তৰ্গত জেডি পথৰ চেইণ্ট আন কলেজৰ সমীপত মঙলবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই মটৰ চাইকেল দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

যুৱক দুগৰাকীক বিষ্ণু ৰাভা(৪৬, আমগুৰী) আৰু সহিদ আলি (২০, ভূমকী) বুলি আৰক্ষীয়ে সদৰি কৰিছে । আৰক্ষীৰ মতে দুই যুৱকে মটৰ চাইকেলেৰে একে দিশৰে আহি থকা অৱস্থাত বিষ্ণু ৰাভা নামৰ যুৱকগৰাকী বালাগাঁওৰ ফালে টাৰ্ণ লোৱাত পিছে পিছে আহি থকা সহিদ আলিয়ে খুন্দা মাৰে ।

দুৰ্ঘটনাৰ ফলত দুয়োজন যুৱক আঘাতপ্ৰাপ্ত হৈছে আৰু সম্প্ৰতি কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

GTM Desk

Related