খেলপথাৰত এতিয়া শচীন নাই, এতিয়া কাক ভাল পায় তেণ্ডুলকাৰৰ ভক্ত সুধীৰ চৌধুৰীয়ে? শংখ লৈ হাজিৰ খেলপথাৰত

খেলপথাৰত এতিয়া শচীন নাই, এতিয়া কাক ভাল পায় তেণ্ডুলকাৰৰ ভক্ত সুধীৰ চৌধুৰীয়ে? শংখ লৈ হাজিৰ খেলপথাৰত

এটা সময়ত তেওঁৰ প্ৰাণ আছিল শচীন তেণ্ডুলকাৰ। এতিয়াও আছে, তাত কোনো সন্দেহ নাই। কিন্তু এতিয়া শচীন খেলপথাৰত নাই। কিন্তু খেল চাবলৈ এৰা নাই তেওঁ!

শচীন ভক্ত সুধীৰ চৌধুৰীৰ শচীনৰ প্ৰতি মৰম এতিয়াও আছে। এতিয়াও তেওঁ ‘মিছ ইউ শচীন তেণ্ডুলকাৰ’ বুলি বুকুত লিখি খেলপথাৰলৈ আহে। কিন্তু তেওঁ এতিয়া আৰু এজন ক্ৰিকেটাৰক ভাল পায়। বিৰাট কোহলীক। ভাৰতীয় দলৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনগৰাকীৰ কথা শুনা গ’ল সুধীৰৰ মুখত।

সুধীৰ চৌধুৰীয়ে সেই একেই ৰূপত হাজিৰ খেলপথাৰত। ভাৰত–পাকিস্তানৰ মেচৰ পূৰ্বে তেওঁঁক দেখা গ’ল হাতত শংখ লৈ। খেলপথাৰলৈ আহি ক’লে, বিৰাট কোহলীয়ে সদায় পাকিস্তানৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰে। আজিও কৰিব। মোৰ তাত কোনো সন্দেহ নাই। বিৰাট কোহলী আমাৰ গৌৰৱ। আমি পাকিস্তানৰ বিৰুদ্ধে হাঁহি হাঁহি জিকিম।

শচীনৰ পিছত ভাৰতীয় ক্ৰিকেটত বিৰাট কোহলী যে শ্ৰেষ্ঠ ক্ৰিকেটাৰ তাত সন্দেহ নাই। খেলৰ প্ৰতি তেওঁৰ আনুগত্য, মৰম, অধ্যবসায়ক লৈ কাৰো কোনো সন্দেহ নাই। সেয়ে সুধীৰ চৌধুৰীৰ দৰে শচীন ভক্তৰ মনতো কোহলীয়ে স্থান দখল কৰিছে।

GTM Desk