গুৱাহাটীৰ তেতেলীয়াৰ পৰা অপহৃত দুই শিশু উদ্ধাৰ; বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে শিশু দুটা

গুৱাহাটীৰ তেতেলীয়াৰ পৰা অপহৃত দুই শিশু উদ্ধাৰ; বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে শিশু দুটা

গুৱাহাটীৰ তেতেলীয়াৰ পৰা অপহৃত হোৱা শিশু দুটা উদ্ধাৰ। বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে শিশু দুটা। জিলাখনৰ মাহুৱা আৰক্ষী থানাৰ অন্তৰ্গত এক স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে দুয়োকে।

সুধীৰ কুমাৰ ওৰফে চাজন, ৰাহুল আৰু আন এক সহযোগীয়ে অপহৰণ কৰিছিল শিশুটিক।ঘৰৰ সন্মুখৰ পৰা ফুচুলাই গাড়ীত লৈ গৈছিল শিশু দুটিক।

শিশু দুটিৰ মাতৃৰ চাঞ্চল্যকৰ অভিযোগ, অপহৰণকাৰী সুধীৰ কুমাৰ ওৰফে চাজনে শুকুৰবাৰে ফোনযোগে দাবী কৰিছিল ৫ লাখ টকা। অন্যথা শিশু দুটিক গুলীয়াই দিয়াৰো ভাবুকি দিছিল চাজনে। বৰ্তমানেও পলাতক তিনি অপহৰণকাৰী। তিনিওৰে কঠোৰ শাস্তি কামনা শিশু দুটাৰ মাতৃৰ।

GTM Desk

Related