গৃহ বিভাগে ব্যাপক সাল–সলনি কৰিলে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত, জানক কাৰ কি নতুন দায়িত্ব

গৃহ বিভাগে ব্যাপক সাল–সলনি কৰিলে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত, জানক কাৰ কি নতুন দায়িত্ব

গৃহ বিভাগে ব্যাপক সাল–সলনি কৰিছে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত। অসম চৰকাৰৰ জাননী অনুসৰি বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) হীৰেন নাথক বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানলৈ পদোন্নতি দিয়া হৈছে।

মুন্না প্ৰসাদ গুপ্তাৰ স্থানত কাৰ্যভাৰ গ্ৰহণ কৰিব হীৰেন নাথে। আনহাতে বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাক চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বলৈ স্থানান্তৰ কৰা হয়।

গুৱাহাটী মহানগৰ আৰক্ষীৰ কমিছনাৰ হিচাপেও দায়িত্ব অব্যাহত ৰাখিব মুন্না প্ৰসাদ গুপ্তাই।

ইফালে, নতুন দিল্লীৰ ইণ্টেলিজেন্স ব্যুৰ’ত কৰ্মৰত বিনীতা শৰ্মাক এ ডি জি পি পদলৈ পদোন্নতি দিয়া হৈছে।

অখিলেখ সিঙক আই জি পি পদলৈ পদোন্নতি দিয়া হয়।

ডেপুটি আই জি পি অভিজিত বৰাক গুৱাহাটীৰ আই জি পিলৈ বদলি কৰা হয়।

GTM Desk