গোগুল পে’, ফোন পে’ ব্যৱহাৰকাৰীসকলৰ বাবে বেয়া খবৰ !
গোগুল পে’, ফোন পে’ ব্যৱহাৰকাৰীসকলৰ বাবে বেয়া খবৰ। এতিয়াৰে পৰা ২ হাজাৰৰ অধিক টকা লেনদেন কৰিলে ভৰিব লাগিব মাচুল। নেচনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া চমুকৈ এন পি চি আইয়ে শেহতীয়াকৈ এক চাৰ্কুলাৰ জাৰি কৰিছে।
এই চাৰ্কুলাৰখনৰ জৰিয়তে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্টছ (পিপিআই)ক ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ ইউ পি আইৰ লেনদেনৰ বাবে মাচুল নিৰ্ধাৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। ইউ পি আই পেমেণ্ট চিছটেমৰ গৰ্ভনিং বডীয়ে ২ হাজাৰৰ অধিক ধনৰ লেনদেন কৰিলে ১.১ শতাংশ মাচুল আদায়ৰ চিন্তা চৰ্চা কৰিছে।
এই নতুন ব্যৱস্থা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। অৱশ্যে ব্যক্তিৰ পৰা ব্যক্তিলৈ ধনৰ লেনদেন আৰু বেংক আৰু প্ৰিপেইড ৱালেটৰ মাজত লেনদেন কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।