ট্রাক চালকক নকল পুলিচৰ ধন দাবী

ট্রাক চালকক নকল পুলিচৰ ধন দাবী

নকল পুলিচে ট্ৰাক চালকক ধন দাবী কৰোতেই ঘটনাস্থলীত হাজিৰ আচল পুলিচ। তাৰপাছতে এই দশা হ’ল ৩টা নকল পুলিচৰ। কিন্তু ধৰা পৰাৰ পাছতো দমি নগ’ল গাড়ীত পুলিচৰ ষ্টিকাৰ মাৰি ধন দাবী কৰিবলৈ অহা নকল পুলিচৰ দলটো। ঘটনাটো বঙাইগাঁৱৰ।খয়েৰ গছৰ ডাল কঢ়িউৱা ট্ৰাকখন আগছি ধৰিছিল ৭জন লোকে। ওজন কৰিবলৈ ট্ৰাকখন কাটাত তোলোতেই নিজকে পুলিচৰ মানুহ বুলি চিনাকি দি ৭টা নকল পুলিচে কাঢ়ি লৈছিল নথি পত্ৰৰ লগতে গাড়ীৰ চাবি।

বন বিভাগৰ লোকৰ সন্মূখতে এই কাণ্ড সংঘটিত কৰিছিল নকল পুলিচৰ দলে। পুলিচৰ ষ্টিকাৰ মৰা এখন বলেৰত আহিছিল ৭টা নকল পুলিচ। দুটা আহিছিল এখন বাইকত। পাছে ট্ৰাকৰ চাবি আৰু নথি পত্ৰ লৈ পলোৱাৰ পূৰ্বেই আছল পুলিলে হাতে লোটে ধৰিলে তিনিটা নকল পুলিচক। ধৰা পৰা নকল পুলিচ কেইটাৰ নাম ক্ৰমে বাপন দেৱনাথ, শ্বামলা বসুমতাৰী আৰু নিৰঞ্জন দেৱনাথ। বঙাইগাঁৱৰ ৰাজপথত ধন দাবী কৰি পলাই থকা ৪টা নকল পুলিচক বিচাৰি এতিয়াও অভিযান চলাই আছে আৰক্ষীয়ে।

GTM Desk

Related