দলবদ্ধ ধৰ্ষণ কৰি বিধবা মহিলাৰ যৌনাংগত ভৰাই দিলে ষ্টিলৰ গ্লাচ, গ্ৰেপ্তাৰ দুজন
৫০ বছৰীয়া বিধবা মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে তিনিজন যুৱকৰ বিৰুদ্ধে। লজ্জাজনক এই ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ ছাতৰা জিলাত। জনা গৈছে যে, মহিলাৰ ওপৰত নিৰ্মম ভাবে শাৰীৰিক অত্যাচাৰো চলোৱা হয়। মহিলাগৰ যৌনাংগত ভৰাই দিয়া হয় ষ্টিলৰ গ্লাচ।
আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে, অভিযুক্ত তিনিওজন লোক স্থানীয় এলেকাৰে বাসিন্দা। ঘৰৰ ভিতৰতে মহিলাগৰাকীৰ ওপৰত চলাই শাৰীৰিক নিৰ্যাতন। নিশা মহিলাগৰাকীৰ ঘৰৰ ভিতৰলৈ জোৰকৈ সোমাই যায় তিনিওটা অভিযুক্ত। আৰু মহিলাগৰাকীৰ দলবদ্ধ ধৰ্ষণ কৰে। ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।