ধিক মানৱীয়তা! খুলশালীৰে প্ৰেম ফাদিল হোৱাৰ ভয়! ৪ বন্ধুৰে মিলি সৰ্বনাশ কৰিলে ভনীয়েকৰ

ধিক মানৱীয়তা! খুলশালীৰে প্ৰেম ফাদিল হোৱাৰ ভয়! ৪ বন্ধুৰে মিলি সৰ্বনাশ কৰিলে ভনীয়েকৰ

ধিক মানৱীয়তা! কিমান নিষ্ঠুৰ আৰু পাষণ্ড হ’ব পাৰে মানুহ! এজন যুৱকে সহোদৰ ভগ্নীৰ সৈতে সংঘটিত কৰিছে এক জঘন্য ঘটনা! যুৱকজনে ৪ জন বন্ধুৰ সৈতে মিলি নিজৰ ২৫ বছৰীয়া ভগ্নীক ধৰ্ষণ কৰি হত্যা কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। এই জঘন্য কাণ্ডটো যোৱা ৩ নৱেম্বৰতে সংঘটিত হৈছিল যদিও আৰক্ষীয়ে এক দীঘলীয়া তদন্তৰ অন্ততহে ঘটনাৰ ৰহস্য ফাদিল কৰিব পৰাত শনিবাৰে যুৱকজন আৰু তেওঁৰ বন্ধুকেইজনক গ্ৰেপ্তাৰ কৰে।

জ্যেষ্ঠ ভাতৃয়ে সহোদৰ ভগ্নীৰ সৈতে কিয় সংঘটিত কৰিছিল এনে ঘটনা?
সকলো ঠিকেই চলি আছিল। কিন্তু তাৰমাজতে এদিন ভগ্নীয়ে জানিব পাৰিলে জ্যেষ্ঠ ভাতৃয়ে খুলশালীয়েকৰ সৈতে ৰক্ষা কৰি আছে অবৈধ সম্পৰ্ক। ভাতৃৰ এনে কুকাণ্ডৰ কথা জানিব পাৰি স্বাভাৱিকতে খঙত অগ্নিশৰ্মা হৈ পৰিল ভগ্নী। এদিন ভগ্নীয়ে ভাতৃক এই অবৈধ সম্পৰ্ক শীঘ্ৰেই শেষ কৰিবলৈ সকীয়নি দিয়ে, অন্যথা তেওঁ এই গোটেই কথাবোৰ আনক কৈ দিব বুলি ভাবুকি দিলে। তাৰপিছত প্ৰেমত অন্ধ ভাতৃয়ে ভগ্নীৰ ওপৰত পোতক ল’বলৈ পৰিকল্পনা কৰিলে এই জঘন্য কুকাণ্ডৰ।

কেনেকৈ সংঘটিত হৈছিল এই জঘন্য ঘটনা?
আন দিনাৰ দৰে সেইদিনাও যুৱতীগৰাকীয়ে ওচৰৰ হাবিখনৰ পৰা এমুঠি শাক বুটলিবলৈ গৈছিল। কিন্তু তাই জানিব পৰা নাছিল যে সেইদিনা তাইৰ বাবে ভাতৃয়ে পাতি ৰাখিছিল মৰণফাণ্ড। তাইৰ বাবে যেন অপেক্ষা কৰি আছিল এক অভিশপ্ত সময়ে। পৰিকল্পিতভাৱে নিজৰ কামনা চৰিতাৰ্থ কৰিবলৈ ৰৈ আছিল এদল পাষণ্ড। যুৱতীগৰাকীৰ ভাতৃও গৰু চৰোৱাৰ চলেৰে হাবিডৰাত অপেক্ষা কৰি আছিল। তেওঁ মাতি আনিছিল নিজৰ ৪ জন বন্ধুক আৰু গোটেইকেইজনে সুৰাপান কৰি মাতাল হৈ আছিল। এক কুটিল ক্ষণত সুযোগ বুজি চাৰিওটা পাষণ্ড জপিয়াই পৰিল যুৱতীগৰাকীৰ ওপৰত। নিজ ভাতৃ আৰু ৪ জন যুৱকৰ দলবদ্ধ ধৰ্ষণৰ চিকাৰ হ’ল দুৰ্ভগীয়া যুৱতীগৰাকী। ইমানতেই যেন ক্ষান্ত হোৱা নাছিল পাষণ্ডৰ দলটো। তাৰপিছত যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰে আৰু সফল নোহোৱাত কুঠাৰেৰে উপৰ্যুপৰি আঘাত কৰি হত্যা কৰে যুৱতীগৰাকীক। এই সমগ্ৰ ঘটনাটোৰ বিষয়ে বৰ্ণনা কৰিছে খোদ আৰক্ষীয়ে।

অতি চালাকী গলাই ফাঁচী
যোৱা ৩ নৱেম্বৰত ওড়িশাৰ কান্ধমাল জিলাৰ চকাপদ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত হৈছিল এই জঘন্য ঘটনাটো। চালাক ভাতৃয়ে সমগ্ৰ কাণ্ডটো গোপনে ৰাখিবলৈ ৬ নৱেম্বৰত নিজেই গৈ আৰক্ষী থানাত দাখিল কৰিছিল ভগ্নী নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ। তাৰপিছতে ঘটনাৰ তদন্ত কৰি ৭ নৱেম্বৰত আৰক্ষীয়ে হাবিডৰাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যুৱতীগৰাকীৰ পচি-উঁৱলি যোৱা মৃতদেহটি। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি যুৱতীগৰাকীক মৃত্যুৰ পূৰ্বে একাধিক লোকে ধৰ্ষণ কৰি হত্যা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

 

GTM Desk