ধেমাজিত জাপানীজ এনকেফেলাইটিছত আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ ৪ জনৰ মৃত্যু
ধেমাজিত পুনৰ ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুযায়ী জিলাখনত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছত আৰু এনকেফেলাইটছ সদূশ ৰোগত মুঠ চাৰিজনৰ মৃত্যু হোৱাত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৷
এইসকলৰ দুজন জাপানীজ এনকেফিলাইটিছ ৰোগত আৰু আন দুজন এনকেফিলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছআৰু এনকেফ্লাইটিছ সদৃশ ৰোগত মুঠ ৪২ জন ৰোগী আক্ৰান্ত হৈছে আৰু তাৰে ১৮ জন জাপানীজ এনকেফেলাইটিছত= ৰোগী চিনাক্ত হৈছে ৷
ইতিমধ্যে ধেমাজিৰ পাঁচটা স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ২৬ টা উপ-স্বাস্থ্য কেন্দ্ৰৰ সমৱৰ্তী ৰাইজক এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে তৎপৰতাৰে সজাগ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ধেমাজি জিলা স্বাস্থ্য বিভাগে ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত এনকেফেলাইটিছ ৰোগীৰ বাবে ১৫ খন আসনো সাজু কৰি ৰাখিছে স্বাস্থ্য বিভাগে ৷
বৰ্তমান জিলা স্বাস্থ্য বিভাগে আক্ৰান্ত অঞ্চল সমূহত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা, আঁঠুৱা ঔষধিকৰণ কৰা আদি সজাগতামুলক কাৰ্যসুচী গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, যোৱা বছৰ তুলনাত এইবছৰ ধেমাজিত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিগত বৰ্ষত ৩২ জন জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে ৪২ জন ৰোগী চিনাক্ত কৰা হৈছে বুলি ধেমাজি মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া তথা ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ কিশোৰ কামানে জানিবলৈ দিছে ৷