নিশা জু-ৰোডৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত উদণ্ড যুৱক-যুৱতীৰ তাণ্ডৱ
নিশাৰ মহানগৰীত তিনি যুৱতীৰ উদ্ভণ্ডালি, ব্যস্ত ৰাজপথত চলন্ত বাহনৰ ওপৰত উঠি কৰিলে এই কাম
বিভিন্ন সময়ত সামান্য অপৰাধতে চালান কাটি হাৰাশাস্তি কৰা পৰিবহণ বিভাগেও নাকি লগাব পৰা নাই এনে যানবাহন আইন ভংগকাৰীক।
নিশাৰ মহানগৰীত যুৱতীৰ উদ্ভণ্ডালি। এখন চলন্ত বাহনৰ ওপৰত বহি গুৱাহাটী চফৰ তিনি যুৱতীৰ।
ব্যস্ত ৰাজপথত এইদৰে এখন চাৰিচকীয়া বাহনৰ ওপৰত উঠি একপ্ৰকাৰ উদ্ভণ্ডালি চলালে যুৱতীকেইগৰাকীয়ে।
এই ঘটনা গুৱাহাটীৰ গণেশগুৰিৰ বুলি অনুমান কৰা হৈছে। কাৰণ ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে নতুনকৈ উদ্বোধন কৰা শ্ৰদ্ধাঞ্জলি উৰণীয়া সেঁতু।
দুৰ্গা পূজাৰ বাবে নিশাৰ ব্যস্ত ৰাজপথত এনেদৰে চাৰিচকীয়া বাহনৰ ওপৰত উঠি উদ্ভণ্ডালি কৰিলে ৩ গৰাকী যুৱতীয়ে।
বিভিন্ন সময়ত সামান্য অপৰাধতে চালান কাটি হাৰাশাস্তি কৰা পৰিবহণ বিভাগেও নাকি লগাব পৰা নাই এনে যানবাহন আইন ভংগকাৰীক।
এই ঘটনাৰ পিছতে আজি আৰক্ষীয়ে বাহনখনৰ গৰাকীক তলব কৰা বুলি জানিব পৰা গৈছে।
যুৱতীকেইগৰাকীৰ এই উচ্ছৃংখল আচৰণে স্তম্ভিত কৰি তোলে প্ৰত্যক্ষদৰ্শীসকলক।