পৰকীয়া প্ৰেমত বিশ্বাসঘাতকতা!

পৰকীয়া প্ৰেমত বিশ্বাসঘাতকতা!

দপদপাই জ্বলিছে এগৰাকী মহিলাৰ শৰীৰ। ৰাজপথত জুয়ে ছানি ধৰা মহিলাক দেখি গা শিঞৰি উঠিল পথচাৰীৰ। মহিলাক সহায় কৰিবলৈ দৌৰি আহিল বহুজন। লাগি ভাগি দুই এজনে নুমুৱালে জুই। আন কেইজনমানে মাতিলে এম্বুলেঞ্চ। খবৰ দিলে আৰক্ষীকো। সোমবাৰে নিশা ৮ বজাত অগ্নিদগ্ধ মহিলাক লৈ হাহাকাৰ লাগিল কলকাতাৰ হৰিদেৱপুৰৰ বেনাৰ্জিপাৰাত। খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত হাজিৰ হ’ল এম্বুলেঞ্চ। আহিল আৰক্ষীও। যুদ্ধকালীন তৎপৰতাৰে মহিলাক এম আৰ বাংগুৰ হাস্পতালত ভৰ্তি কৰালে আৰক্ষীয়ে।
কেইবাঘণ্টাৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পাছত তেতিয়াহে স্বস্তিৰ নিশ্বাস এৰিলে স্থানীয় লোকে।

আনফালে অগ্নিদগ্ধ মহিলাক লৈ ব্যস্ত হৈ পৰিল এম আৰ বাংগুৰ হাস্পতালৰ চিকিৎসক। প্ৰাথমিক চিকিৎসাৰ অন্তত মহিলাৰ ভাষ্য লওতেই আৰক্ষীয়ে লাভ কৰিলে চাঞ্চল্যকৰ তথ্য।
মহিলাগৰাকী বিবাহিত। এটি পুত্ৰ সন্তানৰ মাতৃ। হৰিদেৱপুৰৰ বেনাৰ্জিপাৰাৰ সুবীৰ বিশ্বাস নামে এজন লোকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলাৰ। এটি কন্যা সন্তানৰ পিতৃ সুবীৰ বিশ্বাসৰ বিশ্বাসঘাতকতাৰ বাবেই গাত জুই লগাই আত্মঘাতী হোৱাৰ চেষ্টা কৰা বুলি ভাষ্য দিলে মহিলাই।

অন্তৰংগ মূহূৰ্তৰ বহু ফটোগ্ৰাফ আৰু ভিডিঅ’ সুবীৰ বিশ্বাসে ভাইৰেল কৰাৰ হুংকাৰ দিয়াৰ অভিযোগ আনিলে মহিলাই। সুবীৰ বিশ্বাসৰ হেঁচাত মানসিকভাৱে ভাগি পৰা মহিলাই অভিযুক্তৰ ঘৰৰ দুৱাৰদলিতে আত্মজাঁহৰ চেষ্টা কৰা বুলি মহিলাৰ ভাষ্য শুনাৰ পাছতে হৰিদেৱপুৰৰ বেনাৰ্জিপাৰালৈ উভতি আহিল আৰক্ষী। পাছে তাৰ পূৰ্বেই ঘৰৰ পৰা পলাল সুবীৰ বিশ্বাসে। ঘৰৰ সন্মুখতে আত্মজাঁহৰ চেষ্টা কৰা প্ৰেমিকাক বচোৱাৰ সলনি ঘৰৰ পৰা পলোৱা সুবীৰ বিশ্বাসক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

GTM Desk