বিশ্বকাপৰ ফাইনেলত ভাৰত, কোহলী-শ্ৰেয়স-ছামীৰ মেজিকেৰে ফাইনেলত টীম ইণ্ডিয়া

বিশ্বকাপৰ ফাইনেলত ভাৰত, কোহলী-শ্ৰেয়স-ছামীৰ মেজিকেৰে ফাইনেলত টীম ইণ্ডিয়া

বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে ৰোহিত বাহিনীয়ে। ৭০ ৰানত নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ভাৰতে। বিৰাট কোহলী আৰু শ্ৰেয়স আয়াৰৰ বেটিং আৰু মহম্মদ ছামীৰ বলিঙৰ মেজিকেৰে ফাইনেলত ভাৰত।

আজি টছত জিকিৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় অধিনায়ক ৰোহিত শৰ্মাই। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডৰ সন্মুখত ৰানৰ পাহাৰ থিয় কৰায় ভাৰতে। টীম ইণ্ডিয়াই ৩৯৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে নিউজিলেণ্ডক। ৫০ অভাৰত টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ৩৯৭ ৰান। প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৪৮.৫ অভাৰত ৩২৭ ৰান সংগ্ৰহ কৰে।

GTM Desk