বিয়াৰ ৩ মাহৰ ভিতৰতে দুঃসংবাদ! অত্যন্ত জটিল ৰোগত আক্ৰান্ত বাহুবলীৰ ভল্লালদেৱ ওৰফে ৰাণা দাগুবাট্টি, মৃত্যুৰ আশংকা ৩০শতাংশ!

বিয়াৰ ৩ মাহৰ ভিতৰতে দুঃসংবাদ! অত্যন্ত জটিল ৰোগত আক্ৰান্ত বাহুবলীৰ ভল্লালদেৱ ওৰফে ৰাণা দাগুবাট্টি, মৃত্যুৰ আশংকা ৩০শতাংশ!

‘বাহুবলী’ৰ ভল্লালদেৱক মনত আছেনে? দুৰ্দান্ত অভিনয় কৰা সেইজন তাৰকাক কাৰো পক্ষে পাহৰা সম্ভৱ নহয়। সেই চেহেৰা, সেই পেশীবহুল শৰীৰ, সেই কঠিন মুখাৱয়ব…স্ক্ৰীণত দেখিয়ে মানুহে ভয় খাই যোৱা পৰিস্থিতি। সেই ভল্লালদেৱৰ হাড় শুকাই চেহেৰা দেখি উদ্বিগ্ন হৈছিল অনুৰাগীসকল। শুকাই–খিনাই কাঠহেন পৰিছে তেওঁ। কিন্তু ইয়াৰ আঁৰৰ কাৰণ কেতিয়াও তেওঁ জনোৱা নাছিল।

 

 

View this post on Instagram

 

A post shared by Rana Daggubati (@ranadaggubati)

ইয়াৰ পূৰ্বে আৰু এবাৰ তেওঁৰ অসুস্থতাৰ খবৰ ওলাইছিল। সেই সময়ত কোৱা হৈছিল অভিনেতাজনৰ কিডনী বিকল হৈ গৈছে। সেয়ে কিডনী সংৰোপন কৰিবলগীয়া হ’ব। ইয়াৰ কাৰণে দেশৰ বাহিৰলৈ তেওঁক নিয়া হ’ব সেয়াও চৰ্চিত হৈছিল। কিন্তু সেই সময়ত এই সকলোবোৰ গুজৱ আখ্যা দি উৰাই দিছিল ৰাণাই। ইয়াৰ পৰাই ৰাণা দাগুবাট্টিৰ শৰীৰ ক্ৰমশ ভাঙি পৰা দেখা গৈছিল। এই বছৰৰ আগষ্টা মাহত মিহিকা বাজাজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰাণা। বিয়াৰ ছবিতো তেওঁৰ পেশীবহুল চেহেৰা দেখা পোৱা নাছিল।

অৱশেষত এক চেট শ্ব’ত নিজৰ অসুস্থতাক লৈ মুখ খুলিলে অভিনেতাজনে। অভিনেত্রী তথা ৰাণাৰ বান্ধৱী সামান্থা আকিনেনীৰ জনপ্ৰিয় চেট শ্ব’ ‘শ্যেম জ্যেম’-ত আহি নিজৰ অসুস্থতাৰ কথা স্বীকাৰ কৰিলে ৰাণাই। কথা কৈ থাকোতেই চকু সজল হৈ উঠিছিল ৰাণাৰ। শ্ব’ পৰিচালনা কৰা সামান্থাইও কান্দি পেলায়। ৰাণাই জনায় তেওঁ এক জটিল ৰোগত আক্ৰান্ত।

ৰাণাই জনায়, ‘‘জীৱনে যেতিয়া আগুৱাই যাব বিচাৰে তেতিয়াই হঠাৎ থমকি ৰোৱাৰ বুটাম যেন আহি পৰে। ব্লাড প্ৰেচৰ, হাৰ্টৰ ওচৰত কেলফিকেশ্যন, কিডনী ফেইলাৰ…এতিয়া সম্ভাৱনা আছে ৭০শতাংশ ষ্ট্ৰক বা হেমৰেজ হোৱা…৩০শতাংশ মৃত্যুৰ।’’

 

ৰাণাৰ এই কথা শুনি চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে সামান্থাইও। ৰাণাৰ অনুৰাগীসকলে আগতেই তেওঁৰ চেহেৰা দেখি অনুমান কৰিছিল যে অভিনেতাজনৰ কিবা এটা হৈছে। সেই আশংকাই সত্য প্রমাণিত হ’ল ।

GTM Desk