ভাৰত ভূটান সীমান্তত প্ৰকাণ্ড অজগৰ উদ্ধাৰ…

ভাৰত ভূটান সীমান্তত প্ৰকাণ্ড অজগৰ উদ্ধাৰ…

তামুলপুৰৰ গুৱাবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ। আজি পুৱাই অঞ্চলটোৰ এঘৰ লোকৰ বাৰীৰ পিছফালে সাপডাল প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ বগৰিখুঁটি বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় সাপডাল ৷ উদ্ধাৰ হোৱা অজগৰ সাপডাল ওজন ২০ কিলোগ্ৰামৰো অধিক।

প্ৰায় ১৩ ফুট দীঘলৰ সাপটো উদ্বাৰ কৰাৰ পিছতে দৰঙামেলা ফৰেষ্টত এৰি দিয়া হ’ব বুলি জনাইছে বন বিভাগৰ লোকে। কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ বগৰিখুঁটি বন বিভাগৰ দলে সুস্থ অৱস্থাত উদ্ধাৰ কৰে সাপটো। নিশা সাপটোৱে আহাৰ ভক্ষণ কৰাৰো সন্দেহ।

GTM Desk

Related