লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা : ৯জন ভাৰতীয় সেনাৰ মৃত্যু

লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা : ৯জন ভাৰতীয় সেনাৰ মৃত্যু

লাডাখত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ মৃত্যু হয়। শনিবাৰে বিয়লি প্ৰায় ৬-৩০ বজাত ন্যমা অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰামতে সেনাবাহিনীৰ দলটো কৰু গেৰিছনৰ পৰা কিয়াৰি অভিমুখে গৈ থকাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয়। লেহৰ পাৰ্বত্য এলেকাৰ পথেৰে গৈ থাকোতে সেনাবাহিনীৰ বাহন এখন পিছলি গিৰিখাদত পৰি যায়। ফলত ৯গৰাকী ভাৰতীয় সেনাই অকাল মৃত্যুক আকোৱালি লয় বুলি সেনাবাহিনীৰ শীৰ্ষ বিষয়া এগৰাকীয়ে উল্লেখ কৰে।

দুৰ্ঘটনাৰ ফলত ৯গৰাকী ভাৰতীয় সেনাবাহিনীৰ লোক নিহত হোৱাটো ভাৰতীয় সেনাৰ বাবে ডাঙৰ ক্ষতি বুলি বিবেচিত হৈছে। এই ৯ সেনাৰ অকাল মৃত্যু আৰু দুৰ্ঘটনা সন্দৰ্ভত সেনাবাহিনীয়ে ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছে।

GTM Desk

Related