শাওণ মাহত ৰোপণ কৰক ধতুৰা ফুল! মহাদেৱে দিব বিশেষ আশীৰ্বাদ

শাওণ মাহত ৰোপণ কৰক ধতুৰা ফুল! মহাদেৱে দিব বিশেষ আশীৰ্বাদ

হিন্দু ধৰ্মত বহুতো উদ্ভিদৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ ৰখা হয়। কিছুমান উদ্ভিদত দেৱ-দেৱী বাস কৰে বুলি বিশ্বাস কৰা হয়। তুলসী উদ্ভিদত মাতৃ লক্ষ্মী বাস কৰে। ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ বাসস্থান আঁহত গছ বুলি বিশ্বাস কৰা হয়। বেলগছৰো আছে বহুত প্ৰাধান্য।

 
ধৰ্মীয় দৃষ্টিকোণৰ পৰা এইটো বিশ্বাস কৰা হয় যে যদি এই উদ্ভিদবোৰ ঘৰত সঠিক দিশত ৰোপণ কৰা হয় আৰু নিয়মিতভাৱে ৰীতি-নীতিৰে পূজা কৰা হয় তেন্তে সেই ঘৰখনত ঈশ্বৰৰ কৃপা ৰৈ যায়। ভগৱান শিৱৰ বহুত প্ৰিয় ধতুৰা ফুল। ধতুৰা ফুলৰে নিয়মীয়া পূজা কৰিলে ভোলেশংকৰৰ কৃপা লাভ কৰিব পাৰি। শাওণ মাহত ধতুৰা ফুল ৰোপণ কৰিলে বিশেষ ফল পোৱা যায়।
 
জ্যোতিষৰ মতে ঘৰত  ধতুৰা গছ ৰোপণ কৰিলে বায়ু শুদ্ধ হয়। ইয়াৰ সমান্তৰালভাৱে ঘৰখনলৈ সুখ-সমৃদ্ধি, সৌভাগ্য আৰু ধনৰ আগমন ঘটে। দেওবাৰ বা মঙলবাৰে ধতুৰা গছ ৰোপণ কৰিলে শুভ বুলি কোৱা হয়। ইয়াৰ লগতে যিকোনো শুভ নক্ষত্ৰমণ্ডলতো ইয়াক ৰোপণ কৰিব পাৰি। 
 

ধতুৰা গছ ঘৰত থাকিলে ঘৰত থকা ঋণাত্মক শক্তিৰ অন্ত পৰে আৰু কেৱল ধনাত্মক শক্তিয়ে বাস কৰে। ধতুৰা ফুল শিৱৰ অতি প্ৰিয়। সেয়েহে শিৱ পূজাৰ সময়ত শিৱলিংগত ধতুৰা আগবঢ়োৱা হয়। ইয়াৰ লগতে ধৰ্মীয় দিশৰ উপৰিও ধতুৰা আছে কিছুমান ঔষধি গুণ।

GTM Desk

Related