সদ্যোজাত সন্তানক নিজ হাতে হত্যা! তাৰ পিছতে অন্তৰ্ধান মাতৃ
দশমীৰ নিশা সদ্যোজাতৰ কান্দোনৰ শব্দত মুখৰ হৈ উঠিছিল গুৱাহাটীৰ বোন্দা কলনি। কিন্তু পাছদিনা পুৱা ঘৰখনত সন্তান জন্ম হোৱাৰ কোনো উমঘাম নাপালে চুবুৰীয়াই। ৰাতিটোৰ ভিতৰতে স্বাভাৱিক হৈ পৰিল সকলো। ২৪ অক্টোবৰৰ পৰা ৭ দিনে তাপ মাৰি থকাৰ পাছত ১ নৱেম্বৰত হঠাৎ সম্বিৎ ঘুৰাই পালে বোন্দা কলনিৰ বাসিন্দাই। লগে লগে একাংশই সোধা–পোছা কৰিলে মহিলাগৰাকীক। একাংশ লোকে পানীখাইতী থানালৈ গৈ পোনে পোনে গোচৰ দিলেগৈ আৰক্ষীক। ৰাইজৰ হেঁচাত জন্মৰ পাছতে নিজ হাতে সন্তানক হত্যা কৰাৰ কথা মহিলাই স্বীকাৰ কৰা বুলিও ভাষ্য দিলে অভিযোগকাৰীয়ে।
সদ্যোজাত সন্তানক মাতৃয়ে হত্যা কৰাৰ গোচৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী। পাছে তেতিয়ালৈ ঘৰৰ পৰা নিৰুদ্দেশ হৈ গ’ল অভিযুক্ত মহিলা। অভিযুক্তক নাপাই হত্যাৰ বলি হোৱা সদ্যোজাতৰ মৃতদেহৰ সন্ধানত ব্যস্ত হ’ল আৰক্ষী। অভিযুক্তৰ ভাষ্যৰ আঁত ধৰি প্ৰতিৱেশীয়ে দেখুৱাই দিয়া শৌচাগৰৰ টেংকীৰ পৰা মৃতদেহ উদ্ধাৰৰ চেষ্টা কৰিলে আৰক্ষীয়ে। কিন্তু পাহাৰীয়া অঞ্চলত থকা হেতুকে শৌচাগাৰৰ টেংকিৰ পৰা মৃতদেহ উদ্ধাৰ কৰাত সফল নহ’ল পানীখাইতী আৰক্ষী।
হত্যাৰ বলি হোৱা সদ্যোজাতৰ পিতৃ কোন?
এই প্ৰশ্নৰ উত্তৰ নাই প্ৰতিবেশী কিম্বা অভিযুক্ত পৰিয়ালৰ হাতত। সন্তানৰ পিতৃৰ পৰিচয় জানে কেৱল নিৰুদ্দেশ হৈ থকা অভিযুক্ত মহিলাগৰাকীয়ে। ৭ বছৰ পূৰ্বে হাৰিয়ানাৰ এজন যুৱকৰ সৈতে বিয়া হৈছিল মহিলাগৰাকীৰ। বিয়াৰ পাছতে স্বামীৰ সৈতে হাৰিয়ানালৈ গুচি গৈছিল মহিলাগৰাকী। হাৰিয়ানাতে এটি কন্যা সন্তানৰ মাতৃ হৈছিল তেওঁ। কিন্তু তাৰ দুবছৰৰ পাছতে কন্যাক কোলাত লৈ বোন্দা কলনিৰ মাকৰ ঘৰত উপস্থিত হৈছিল মহিলাগৰাকী।
মুখৰ আতংকৰ লগতে বিধ্বস্ত চেহেৰাৰ কন্যাক দেখি বুজিবলৈ বাকী নাথাকিল মাতৃৰ। আমন জিমনকৈ দুটা দিন পাৰ কৰাৰ পাছত কোলাত কেচুৱাটো লৈ কন্যাই মাকক এফালৰ পৰা কৈ গ’ল হাৰিয়ানাত সন্মুখীন হোৱা নিৰ্যাতনৰ কাহিনী। তাৰ কিছুদিন পাছতে সহজ হৈ পৰিল সকলো। হাৰিয়ানাৰ আখ্যান সিমানতে সামৰি স্বাভাৱিক জীৱনত অভ্যস্ত হৈ পৰিল পৰিয়ালটো। কোলাৰ কেচুৱাক মাকৰ হাতত গতাই দিন হাজিৰা কৰিবলৈ ওলাই যাবলৈ ল’লে মহিলাগৰাকী।
প্ৰতিবেশীক দিন হাজিৰা কৰিবলৈ যোৱা বুলি ক’লে যদিও ক’ত কি কৰে সেয়া বিতংকৈ তিনি বছৰে কাকো নজনালে মহিলাগৰাকীয়ে। তেতিয়ালৈ ৫ বছৰীয়া হ’ল কন্যা। তেনেতে এদিন এগৰাকী চুবুৰীয়াৰ চকুত ধৰা পৰিল স্বামীহীনা মহিলাৰ ক্ৰমে উখহি অহা তলপেট। সেই দৃশ্য দেখা মাত্ৰকে অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰিল মহিলাগৰাকী সন্তানসম্ভৱা হোৱাৰ খবৰ। এই খবৰ কাণত পৰা সকলে জুমা জুমি কৰিব ধৰিলে মহিলাৰ মাতৃগৃহত।
কিন্তু সকলোকে নিৰাশ কৰি প্ৰায় দুমাহে ঘৰৰ ভিতৰ সোমাই থাকিল মহিলাগৰাকী। দশমীৰ সন্ধিয়া সেই মহিলাগৰাকীয়েই জন্ম দিলে এটি সন্তান। তাৰ পাছত ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত। মহিলাগৰাকীক আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱৰালৈকে ভেদ হোৱা সম্ভাৱনা নাই সেই ৰহস্য।