স্বামী CID কাৰ্যালয়ৰ SP, একেটা কাৰ্যালয়তে APSC কেলেংকাৰীত অভিযুক্ত পত্নী APS অসীমা কলিতাক SITৰ জেৰা

স্বামী CID কাৰ্যালয়ৰ SP, একেটা কাৰ্যালয়তে APSC কেলেংকাৰীত অভিযুক্ত পত্নী APS অসীমা কলিতাক SITৰ জেৰা

ধনৰ বিনিময়ত APSCৰ চাকৰি লোৱাৰ অভিযাগত CID কাৰ্যালয়ত আজি ASP অসীমা কলিতাৰ জেৰা অব্যাহত আছে। কিন্তু CID কাৰ্যালয়তে SP হিচাপে কৰ্মৰত অভিযুক্ত অসীমাৰ স্বামী। APS অসীমা কলিতা CIDৰ WHITE COLOUR CRIME শাখাৰ SP ডম্বৰুধৰ হাজৰিকাৰ পত্নী। একেটা কাৰ্যালয়তে এতিয়া পত্নীক অভিযুক্ত হিচাপে অন্য আৰক্ষী বিষয়াই সোধা-পোছা কৰি আছে।

উল্লেখযোগ্য যে, অসীমা কলিতা কৰিমগঞ্জৰ 15 APBNৰ উপ অধিনায়ক হিচাপে কৰ্মৰত আছিল। তেওঁ জালিয়াতিৰে ASP পদ লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে। অসীমাক APSC পৰীক্ষাৰ ঐচ্ছিক বিষয়ত ৩৬ নম্বৰৰ প্ৰয়োজন হৈছিল। তেওঁ শিক্ষাতত্বৰ উত্তৰ বহীত ৯৮ নম্বৰ লাভ কৰিছিল, যি বৃদ্ধি কৰি ১৩৪ নম্বৰ কৰি দিয়া হৈছিল। বৰ্তমান তেওঁক CID কাৰ্যালয়ত SITৰ দ্বাৰা সোধা-পোছা অব্যাহত আছে। যিহেতু তেওঁৰ স্বামী CID অফিছতে কৰ্মৰত, গতিকে অসীমাৰ অভিযোগ সন্দৰ্ভত তদন্তৰ পৰা SP ডম্বৰুধৰ হাজৰিকাক আঁতৰাই ৰখা হৈছে। কিন্তু স্বামী APSC কেলেংকাৰী বিষয়ৰ তদন্তকাৰী CIDৰ অংশ হোৱা বাবে পত্নীৰ তদন্তত কিছু বিসংগতি বা প্ৰভাৱ পৰিব নেকি তাকে লৈ যেন বহু প্ৰশ্নৰ সৃষ্টি হৈছে

 

 

Source: https://assam.news18.com

GTM Desk