হোটেলৰ বিৰিয়ানী খাঁওতে সাৱধান হওক! বিৰিয়ানী প্লেটৰ মাজত ওলাল মৰা এন্দুৰ
পুৱতি নিশাৰে পৰা ডিউটি। ঘৰত খোৱা বোৱাৰ কথাই নাহে। কাহিলি পুৱাতে পোচাকযোৰ পিন্ধি ওলাই আহিছিল তেওঁ। বেলি লাহে লাহে মূৰৰ ওপৰত উঠিছে। তেতিয়াও পেটত খুদকণ এটা পৰা নাই। ভোকত পেটে কলমলাই উঠিছে। এসময়ত আহি পালে ওচৰৰ হোটেলৰ পৰাই ব্যৱস্থা কৰা পুৱাৰ আহাৰৰ টোপোলাটো। কৰ্তব্যত নিয়োজিত হৈ থকা সকলোৱে একোটাকৈ আহাৰৰ টোপোলা চমজি ল’লে। নিজৰ ভাগত পৰা বিৰিয়ানীৰ টোপোলাটো হাতত লৈ খুলি লৈছিল মাথো তেঁও। হঠাতে বিৰিয়ানীৰ টোপোলাটোৰ মাজত অস্বাভাৱিক যেন লগা কিবা এটা মন কৰিলে তেঁও। ভালকৈ চাই বুজিব পৰিলে তেঁওৰ ভাগত পৰা বিৰিয়ানীৰ মাজত আচলতে কি আছে। আৰু বুজি পোৱাৰ লগে লগে ওকালি আহিব খুজিলে লোকজনৰ।
হয়, পুৱাৰ আহাৰৰ নামত অহা বিৰিয়ানীৰ টোপোলাটোৰ মাজত ওলাল এটা মৰা এন্দুৰ। ভোকত কলমলাই থকা সময়ত, হাতত পোৱা খাদ্যৰ টোপোলাটোৰ মাজত মৰা এন্দুৰ দেখি ক্ষোভত ফাটি পৰিল আৰক্ষী জোৱানজন। এই মৰা এন্দুৰ ওলোৱা বিৰিয়ানীৰ পেকেটটো আকৌ সাধাৰণ উপভোক্তাৰ নাছিল, আছিল এগৰাকী আৰক্ষীৰ। ঘটনাটো বেংগালুৰুৰ। কাৱেৰী জল বিবাদক লৈ মঙলবাৰে বেংগালুৰু বন্ধৰে আছিল প্ৰতিবাদী কাৰ্যসূচী। তামিলনাডুক পানী এৰি দিবৰ বাবে কাবেৰী জল বিবাদ ন্যায়াধিকৰণে দিয়া নিৰ্দেশৰ বিৰোধীতাৰে বেংগালুৰুৰৰ কৃষকে দিছিল বেংগালুৰু বন্ধৰ আহ্বান। কৰ্ণাটক চৰকাৰৰ শিক্ষামন্ত্ৰীয়েও ২৬ ছেপ্তেম্বৰৰ দিনটোত বেংগালুৰুৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছিল।
এই প্ৰতিবাদী বন্ধৰ দিনটোত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বেংগালুৰুত পুৱাৰে পৰা নিয়োজিত কৰা হৈছিল আৰক্ষী জোৱান। পুৱাৰে পৰা নিৰাপত্তাৰ দায়িত্বৰে নিয়োজিত হৈ থকা এনে এগৰাকী আৰক্ষী জোৱানৰ পুৱাৰ আহাৰৰ পেকেটতে ওলাল এটা মৰা এন্দুৰ। বেংগালুৰুৰ আৰক্ষী জোৱান গৰাকী কৰ্তব্যত নিয়োজিত হৈ থকা যশৱন্তপুৰ অঞ্চলৰ এখন হোটেলৰ পৰাই অনা হৈছিল পুৱাৰ আহাৰ। বেংগালুৰুৰ যুটীয়া আৰক্ষী আয়ুক্তই ইতিমধ্যে যশৱন্তপুৰ আৰক্ষীক ব্যক্তিগত হোটেলখনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে। হোটেলৰ স্বত্বাধিকাৰীকো সেই সন্দৰ্ভত জাননী জাৰী কৰা হৈছে। একেসময়তে কৰ্ণাটকৰ ৰাজধানী চহৰখনৰ হোটেলৰ খাদ্যৰ মাজত মৰা এন্দুৰ ওলোৱা ঘটনাটোৱে সকলোকে হতচকিত কৰি তুলিছে।