১৫ দিনে সন্ধানহীন নলবাৰীৰ অৰাৰাৰ দশম শ্ৰেণীৰ এগৰাকী মেধাৱী ছাত্ৰ
নলবাৰীঃ অৰৰাৰ সুমেশ আহমেদ আৰু মমতাজ বেগমৰ জ্যেষ্ঠ পুত্ৰ শ্বাহ ছিকাণ্ডৰ ৯ জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। নৱ শক্তি হাইস্কুলৰ মেধাৱী ছাত্ৰ শ্বাহ ছিকাণ্ডৰ দশম শ্ৰেণীৰ ছাত্ৰ পোন্ধৰদিনে সন্ধানহীন হৈ থকাত কান্দোনত ভাগি পৰিছে পৰিয়ালটি। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি সন্ধান উলিয়াব পৰা নাই ছাত্ৰজনক। ইতিমধ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।কোনে লোকে এই পোন্ধৰ বছৰীয়া ছাত্ৰজনৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানাত অথবা 7896162873, 8099323109 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটিয়ে অনুৰোধ জনাইছে।