৮৩০০০ কোটি ক্ৰিপ্টো জালিয়াতিৰ অভিযোগত কেৰালাৰ পৰা গ্ৰেপ্তাৰ আমেৰিকাৰ ‘মষ্ট ৱাণ্টেড’!
ক্ৰিপ্টো প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘মোষ্ট ৱান্টেড’ তালিকাত থকা এজন লিথুৱেনিয়ান ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় কেৰালাত ।আৰক্ষীয়ে জনোৱা মতে,গ্ৰেপ্তাৰ কৰা ব্যক্তিজন ক্ৰিপ্টো জালিয়াতিৰ অন্যতম ষড়যন্ত্ৰকাৰী।
আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম এলেক্সেজ বাচিঅ’কভ। তেওঁ ‘গাৰাণ্টেক্স’ নামৰ এটা ক্ৰিপ্টো এক্সচেঞ্জ খুলিছিল। তেওঁ অভিযোগ অনুসৰি হেকিংকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত ক্ৰিপ্টো বিনিয়োগ কৰিছিল।
এলেক্সেজৰ বিৰুদ্ধে প্ৰায় আঠ লাখ ৩০ হেজাৰ কোটি ক্ৰিপ্টো জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ পলাতক হৈ আছে। আমেৰিকাৰ ‘মোষ্ট ৱান্টেড’ তালিকাতো তেওঁৰ নাম আছে । আমেৰিকাই দীৰ্ঘদিন ধৰি এলেক্সেজক বিচাৰি আছিল।
অৱশেষত এটা গোপন সূত্ৰই আমেৰিকাৰ চোৰাংচোৱাক আৰু অৱগত কৰে যে এলেক্সেজক দক্ষিণ ভাৰতৰ এখন ৰাজ্যত আত্মগোপন কৰি আছে। তেতিয়াৰ পৰাই, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাবোৰে এলেক্সেজৰ সন্ধানত দক্ষিণৰ ৰাজ্যসমূহৰ স’তে যোগাযোগ কৰি আহিছে।
প্ৰসংগক্ৰমে আৰক্ষীয়ে তেওঁৰ অৱস্থান কেৰালাত উদ্ধাৰ কৰে। ইয়াৰ পাছত বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সূত্ৰৰ মতে, এলেক্সেজে ‘গাৰাণ্টেক্স’ নামৰ এটা ক্ৰিপ্টো এক্সচেঞ্জ খুলি বিনিয়োগ আৰু লেনদেনৰ ওপৰত কাম কৰি আছিল।
এই ধন বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ আৰু উগ্ৰপন্থী সংগঠনৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। কেৱল সেয়াই নহয়, তেওঁৰ কোম্পানীৰ ওপৰত ক্ৰিপ্টো প্ৰৱঞ্চনাৰ অভিযোগও উত্থাপিত হৈছিল। ২০২২ চনত আমেৰিকাই এলেক্সেজক নিষিদ্ধ কৰে। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ পৰা পলায়ন কৰে। কেৰালাত এলেক্সেজৰ অৱস্থান পোৱাৰ পাছত, আমেৰিকাই ভাৰত চৰকাৰৰ স’তে যোগাযোগ কৰে।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প চৰকাৰৰ অনুৰোধত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চলিত সপ্তাহৰ আৰম্ভণিতে এলেক্সেজক বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। ইয়াৰ পাছতে চিবিআই আৰু কেৰালা আৰক্ষীৰ যৌথ অভিযানত তিৰুৱানন্তপুৰমৰ পৰা এলেক্সেজক গ্ৰেপ্তাৰ কৰা হয়।