ৰোডিজ, বিগ বছ খ্যাত কৃতিৰ ওপৰত EDৰ শেনচকু, ২৬৩ কোটিৰ কেলেংকাৰিত অভিনেত্ৰীৰ নাম

ৰোডিজ, বিগ বছ খ্যাত কৃতিৰ ওপৰত EDৰ শেনচকু, ২৬৩ কোটিৰ কেলেংকাৰিত অভিনেত্ৰীৰ নাম

মায়া নগৰীত চাঞ্চল্য। EDৰ ৰোষত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী কৃতি বাৰ্মা। কৰ বিভাগত ২৬৩ কোটি টকাৰ নাম সাঙোৰ খাইছে কৃতিৰ। ED ৰ চাৰ্জশ্বিটত নাম সোমোৱাৰ পাছত গ্ৰেপ্তাৰ হোৱাৰ উপক্ৰম হৈছে কৃতি বাৰ্মা। ৰোডিজ, বিগ বছ আদি জনপ্ৰিয় ৰিয়েলিটী শ্ব’ৰ অন্যতম প্ৰতিযোগী আছিল কৃতি বাৰ্মা। সৰু পৰ্দাৰ যোগেৰে দেশবাসীৰ এটা চিনাকি নাম হৈ পৰিছিল কৃতি।

কোটি কোটিজনৰ বাবে চিনাকি হৈ পৰিছিল কৃতি বাৰ্মাৰ মুখ। মায়া নগৰীত নিজৰ বাবে এখন পৃথক আসন তৈয়াৰ কৰাৰ চেষ্টাত থাকোঁতেই ED ৰ চাৰ্জশ্বিটত নাম সোমাল কৃতি বাৰ্মাৰ। ২৬৩ কোটি টকাৰ TDS কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উঠিছে কৃতি বিৰুদ্ধে। কিন্তু কেনেকৈ অভিনেত্ৰী জড়িত হ’বলৈ পালে কৰ বিভাগৰ কেলেংকাৰীত?

ইয়াৰ আঁৰত আছে কৃতিৰ আন এক কাহিনী। ২০১৮ চনলৈকে কৰ বিভাগত চাকৰি কৰিছিল কৃতি বাৰ্মাই। কেন্দ্ৰীয় চৰকাৰৰ GST বিষয়া কৃতিৰ দ্ৰুত পদোন্নতি হৈছিল কৰ বিভাগত। কিন্তু ২০১৮ চনত হঠাৎ কৰ বিভাগৰ চাকৰি ইস্তফা দি ৰিয়েলিটি শ্ব ৰোডিজৰ প্ৰতিযোগী হৈছিল কৃতি বাৰ্মা। তাৰপাছত Big Boss12 ৰ জৰিয়তে দেশবাসীৰ বাবে চিনাকি নাম হৈ পৰিছিল কৃতি বাৰ্মা। অভিনয় জগতত ভৰি দিয়াৰ চাৰে ৪ বছৰত সলনি হৈ পৰিছিল কৃতিৰ জীৱন। আঁতৰি গৈছিল পুৰণি প্ৰেমিক। ন ন লোকৰ সৈতে গঢ়ি উঠিছিল সম্পৰ্কে। তেনেতে পোহৰলৈ আহিল ২৬৩ কোটি টকাৰ TDS কেলেংকাৰী

GTM Desk