28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

অংকিতাৰ পক্ষত BJPৰ নেতৃত্ব, দোষীক শাস্তিৰ দাবী

Assamese Newsঅংকিতাৰ পক্ষত BJPৰ নেতৃত্ব, দোষীক শাস্তিৰ দাবী

সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ নিৰ্যাতনৰ বলি হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তৰ পক্ষত থিয় হৈছে BJPৰ নেতৃত্ব ৷ অংকিতাই বিচাৰিলে সহায় কৰাৰো আশ্বাস দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ ইতিমধ্যে বিষয়টোক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগেও গোচৰ লৈছে ৷ পিছে কংগ্ৰেছত সুৰক্ষিত নোহোৱা অংকিতা দত্তই দল এৰি যোগ দিব নেকি শাসকীয় BJPত?

ৰাষ্ট্ৰীয় নেতাৰ নিৰ্যাতনৰ বলি অসমীয়া জীয়ৰী অংকিতা দত্ত (Ankita Dutta) ৷ হাইকমাণ্ডে নিদিয়ে ন্যায় ৷ হাইকমাণ্ডে নিদিয়ে সুৰক্ষা ৷ অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তই প্ৰথমে সামাজিক মাধ্যমযোগে IYCৰ সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে আনে গুৰুতৰ অভিযোগ৷ এই বিষয় লৈ কেৱল অসমতেই নহয়, সৰ্বভাৰতীয় পৰ্যায়তো কংগ্ৰেছক (Congress) বিতত কৰি তোলে ৷ শ্ৰীনিৱাসৰ গোটে অংকিতা দত্তই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ এখন ফটো ভাইৰেল কৰি দাবী কৰিছে যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ঘনিষ্ঠ ড° অংকিতা ৷ BJPৰ সৈতে যোগাযোগত আছে অংকিতা ৷ পিছে সঁচাকৈয়ে ড° অংকিতা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ নেকি? অংকিতা দত্তই BJPত যোগ দিব নেকি?

এই প্ৰশ্নবোৰ অৱতাৰণা হোৱাৰ মাজতে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁৱত দিলে আন এক ইংগিত ৷ মুখ্যমন্ত্ৰীয়ে ক’লে— অংকিতাই বিষয়টো মুখ্যমন্ত্ৰীক জনালে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব

দলৰ মাজত কি চলিছে কংগ্ৰেছৰ? বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দলত শৃংখলা থকাৰ কথা উনুকিয়ালে ৷ ক’লে- “অংকিতা দত্ত সৰু ছোৱালী হ’ব পাৰে ৷ কিন্তু শিক্ষা-দীক্ষাত আৰু ৰাজনীতিত পৰিপক্ব ৷ সকলো দলতে অনুশাসন থকাতো প্ৰয়োজন ৷”

কংগ্ৰেছৰ একাংশ নেতাই অংকিতা দত্তৰ পক্ষত থিয় দিছে ঠিকেই, কিন্তু দলৰ হাইকমাণ্ড নীৰৱ আৰু নিতাল ৷ বিষয়টোক লৈ সৰৱ হৈ পৰিছে BJPৰ নেতৃত্ব ৷ একেমুখে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা,  জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে ড° অংকিতাৰ হৈ মাত মাতিছে ৷ পিছে নিজ দলৰ হাইকমাণ্ডৰ পৰা ন্যায় নোপোৱা অংকিতা দত্তই শেষত কি শাসকীয় BJPলৈ গমন কৰিব? বিষয়টো লাখটকীয়া ৷ BJPৰ নেতৃত্ব বা মুখ্যমন্ত্ৰীয়ে এই বিষয়ত কোনো ইংগিত দিয়া নাই ৷ ইংগিত দিয়া নাই অংকিতা দত্তয়ো ৷ এই বিষয়ত অংকিতা দত্তলৈ আইনী জাননী দিয়া IYCৰ সভাপতি শ্ৰীনিৱাসৰ অধিবক্তাৰ উত্তৰ দিবলৈ সাজু হৈছে অংকিতা দত্তৰ অধিবক্তা ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!