আইইডি (IED) নিষ্ক্ৰিয় কৰিব গৈ ভয়ংকৰ বিস্ফোৰণত চাৰি সেনা জোৱান শ্বহীদ…

আইইডি (IED) নিষ্ক্ৰিয় কৰিব গৈ ভয়ংকৰ বিস্ফোৰণত চাৰি সেনা জোৱান শ্বহীদ…

শনিবাৰে ছত্তীশগড়ত পুনৰ এক ভয়ংকৰ আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ বিস্ফোৰণত চাৰিজন সেনা জোৱান শ্বহীদ হোৱাৰ লগতে তিনিজন সেনা আহত হোৱাৰ খবৰ পোৱা গৈছে।
গুৱাহাটী: ছত্তিশগড়ৰ কাংকেৰ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তৰ ছোটবেঠিয়া থানাৰ অন্তৰ্গত ঘন অৰণ্যত জিলা সংৰক্ষিত বাহিনীৰ (DRG) এটা দলে আত্মসমৰ্পণ কৰা মাওবাদী কেডাৰৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত পুতি থোৱা আইইডি (IED) বিচাৰি উলিয়াবলৈ আৰু নিষ্ক্ৰিয় কৰিবলৈ ‘ডি-মাইনিং’ (Demining) অভিযান চলাইছিল। দুৰ্ভাগ্যবশতঃ আইইডিটো নিষ্ক্ৰিয় কৰাৰ সময়তেই বিস্ফোৰণ ঘটে। বিস্ফোৰণত ঘটনাস্থলীতে নিহত হয় ইন্সপেক্টৰ সুখৰাম ভাট্টি, কনিষ্টবল কৃষ্ণ কোমাৰা আৰু কনিষ্টবল সঞ্জয় গাধপাল। চতুৰ্থজন জোৱান পৰমানন্দ কোমাৰাক সংকটজনক অৱস্থাত চিকিৎসালয় লৈ যোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয়।

বাস্তাৰ ৰেঞ্জৰ আইজি পি. সুন্দৰৰাজে জনোৱা মতে, বিগত কেইবামাহত নিৰাপত্তা বাহিনীয়ে আত্মসমৰ্পণ কৰা মাওবাদীৰ পৰা পোৱা তথ্যৰ ভিত্তিত সমগ্ৰ অঞ্চলটোৰ পৰা শ শ আইইডি সফলতাৰে উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিছিল। একেই খবৰৰ ভিত্তিত আইইডি (IED) নিস্ক্ৰিয় কৰিব গৈ এই “মৰ্মান্তিক দুৰ্ঘটনা” সংঘটিত হয়।

Desk Admin