28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

অপৰাধ মুক্ত কৰিবলৈ লখিমপুৰত আনন্দ মিশ্ৰ

Assamese Newsঅপৰাধ মুক্ত কৰিবলৈ লখিমপুৰত আনন্দ মিশ্ৰ

IPS আনন্দ মিশ্ৰ, নামেই যাৰ পৰিচয়। অপৰাধীৰ বাবে যমদূতস্বৰূপ এইজন আৰক্ষী বিষয়াৰ নেতৃত্বতে এটা বছৰ পূৰ্বে নগাঁৱত অপৰাধীৰ বিৰুদ্ধে চলিছিল বহু অভিযান। অপৰাধীৰ ভূ-স্বৰ্গ হিচাপে পৰিচিত নগাঁৱত ইটোৰ পিছত সিটো দুধৰ্ষ অপৰাধী ধৰাশায়ী হৈছিল আনন্দ মিশ্ৰ বাহিনীৰ অভিযানত। জালত পৰিছিল বহু কুখ্যাত অপৰাধী।

উল্লেখযোগ্য যে, আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযানত নগাঁৱত জব্দ হৈছিল কোটি কোটি টকাৰ ড্ৰাগছ। স্তব্ধ হৈ পৰিছিল ড্ৰাগছৰ সৰবৰাহ। হাঁহি বিৰিঙিছিল বহু অভিভাৱকৰ মুখত। সমান্তৰালভাৱে বন্ধ হৈছিল নগাঁৱৰ ৰাইজক সৰ্বস্ৰান্ত কৰা অবৈধ তীৰৰ বেহা। সুতখোৰ, মাটিৰ দালাল, আৰক্ষীৰ দালাল সকলোকে ৰঙাঘৰলৈ পঠিয়াই নগঁঞা ৰাইজৰ মাজত সমাদৃত হৈ পৰিছিল আনন্দ মিশ্ৰ। পিছে এটা ভুল এনকাউণ্টাৰৰ বাবেই তেঁওক নগাঁৱৰ পৰা বদলি কৰা হৈছিল।

আনন্দ মিশ্ৰৰ বদলিৰ পিছতে পুনৰ ঠন ধৰি উঠিল নগাঁৱৰ অপৰাধৰ সাম্ৰাজ্য। অপৰাধীৰ সৈতে আৰক্ষীৰ মিতিৰালিয়ে অতীষ্ঠ কৰিলে ৰাইজক। কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাং, ৰূপজ্যোতি কলিতাসহ সকলোকে নগাঁৱৰ পৰা বদলি কৰাৰ সিদ্ধান্তও ল’বলৈ গৃহবিভাগ বাধ্য হ’ল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!