অবৈধ ভাবে নিৰ্মাণ ১৫লাখ টকীয়া বজাৰ গৃহ। Misuse of MSDP funds
বিভাগীয় নীতি নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই ম্যাদী পটা মাটিত নিৰ্মাণ কৰিছে বজাৰ গৃহ।জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জামুগুৰি বজাৰত ২০১৬-১৭বৰ্ষত MSDPআচনিৰ অধীনত বজাৰ গৃহ নিৰ্মানৰ বাবে ১৫লাখ টকা আৱণ্টিত হয়।কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতাত চৰকাৰী আচনি খন ৰূপায়ন কৰা হয় ইকবাল হুছেইন আৰু জামুগুৰি আঞ্চলিক সমবায়ৰ ম্যাদী মাটিত।
।নিৰ্মান সমিতিৰ সম্পাদক ইকবাল হুছেইনে আৰু মো:শ্বৰিফে জুৰীয়া উন্নয়ন খণ্ডৰ একাংশ বিষয়াক মেনেজ কৰি এইদৰে নিজৰ মাটিত বজাৰ গৃহ নিৰ্মান কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।স্থানীয় ৰাইজে অবৈধ ভাবে বজাৰ গৃহ নিৰ্মানৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ জিলা উপায়ুক্তক আবেদন জনাইছে যদিও অদ্যাপিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই।
জুৰীয়াৰ পৰা পদুম ভূঞা