December 6, 2021

অৰুণাচল প্ৰদেশত ১৫ জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে অইলৰ দুই বিষয়াক

অৰুণাচলৰ ডায়ুনত চাঞ্চল্যকৰ ঘটনা৷ এটা পোন্ধৰজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে অইলৰ দুই বিষয়াক। ডায়ুনৰ খুমচাই খা অঞ্চলত কুই’প নামৰ এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানে অইলৰ তৈলখাদ খনন কাৰ্যত নিয়োজিত হৈ থকাৰ সময়তে প্ৰতিষ্ঠানটোৰ বিষয়া পি কে গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰি লৈ য়ায় সশস্ত্ৰ দলটোৱে৷

ইয়াৰে পি কে গগৈৰ ঘৰ শিৱসাগৰত আৰু ৰাম কুমাৰৰ ঘৰ বিহাৰত। ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে অস্ত্ৰধাৰী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে কাইলৈ অৰুণাচল প্ৰদেশত পঞ্চায়ত নিৰ্বাচন৷ বিগত ২০১৯ বৰ্ষটো অপহৰণৰ ঘটনা সংঘটিত হৈছিল অৰুণাচল প্ৰদেশত।

Source:News18Assam

error: Content is protected !!
%d bloggers like this: