আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা…

আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা…

আজিৰে পৰা বন্ধ কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। এক জাননী যোগে এই কথা জনাইছে বিভাগটোৱে।

উল্লেখ্য ৰাজ্যত বাৰিষা আগমণৰ লগে লগে প্ৰবল বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈসমূহ। যাৰ বাবে প্ৰায় প্ৰতিখন নৈ-উপনৈত বিশেষকৈ ব্রহ্মপুত্রৰ বুকুত গুটীয়া ফেৰী চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে বিভাগীয় কৰ্তপক্ষই। ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবেই মাজুলী-নিমাতীৰ ফেৰী সেৱাও বন্ধ ৰাখিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

GTM Desk

Related