32.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

আজি গৰু বিহু: উজনিৰ পৰা নামনিলৈ উখল মাখল পৰিৱেশ

Assamese Newsআজি গৰু বিহু: উজনিৰ পৰা নামনিলৈ উখল মাখল পৰিৱেশ

আজি গৰু বিহু। গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। গাঁৱৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰে গৰু বিহু । পুৱাতেই ওচৰৰ নৈ বিল পুখুৰীত গৰুক গা ধুৱায়। গা ধুৱাই লাওঁ, বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।’

গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। সন্ধিয়া গৰুক আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷ পিছত নতুন পঘাৰে গৰুক বন্ধাৰ উপৰিও গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি পিঠা-পনা খুওৱা হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!