30.2 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব চাংসাৰিৰ AIIMSৰ লগতে ৩ খনকৈ মেডিকেল কলেজ

Assamese Newsআজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব চাংসাৰিৰ AIIMSৰ লগতে ৩ খনকৈ মেডিকেল কলেজ

ৰাজ্যবাসীৰ বহু প্ৰত্যাশিত চাংসাৰি AIIMS আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) মুকলি কৰিব। সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন মুকলি কৰাৰ বাবে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে AIIMSৰ মুকলি অনুষ্ঠানত ৩,৪০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সেইবোৰ দেশলৈ বুলি উৎসৰ্গা কৰিব ।

উল্লেখ কৰিব পাৰি যে, গুৱাহাটীস্থিত এইমছৰ কাৰ্যকৰীকৰণে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত হ’ব। ২০১৭ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰীয়ে এই চিকিৎসালয়খনৰ আধাৰশিলাও স্থাপন কৰিছিল। ১১২০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে নিৰ্মিত এইমছ গুৱাহাটী হৈছে ৩০ খন আয়ুষ বিচনাসহ ৭৫০ খন বিচনাযুক্ত এক অত্যাধুনিক চিকিৎসালয়। এই চিকিৎসালয়খনত প্ৰতি বছৰে ১০০ গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰাৰ সুবিধাও সন্নিৱিষ্ট কৰা হৈছে। আশা কৰা হৈছে যে চিকিৎসালয়খনে উত্তৰ-পূৰ্বাঞ্চলবাসীক বিশ্বমানৰ স্বাস্থ্য সেৱা-সুবিধা প্ৰদান কৰিব।ইফালে একেটা অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী গৰাকীয়ে নলবাৰী, নগাঁও আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় দেশলৈ বুলি উৎসৰ্গা কৰিব। এই তিনিওখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে প্ৰায় ৬১৫ কোটি টকা, ৬০০ কোটি টকা আৰু ৫৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন সেৱা, আইচিইউ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা আদিৰ উপৰি অ’পিডি/আইপিডি সেৱাৰ সৈতে সংলগ্ন ৫০০ খন বিচনাযুক্ত শিক্ষণ চিকিৎসালয় আছে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে প্ৰতি বছৰে ১০০ গৰাকীকৈ শিক্ষাৰ্থীয়ে এমবিবিএছ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। AIIMSৰ অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘আপকে দ্বাৰ আয়ুষ্মান’ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব ৷ এই অভিযান হৈছে কল্যাণমূলক আঁচনিসমূহৰ ১০০ শতাংশই প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক শক্তিশালী পদক্ষেপ। পৰৱৰ্তী সময়ত ৰাজ্যখনৰ সকলো জিলাতে প্ৰায় ১.১ কোটি এবি-পিএমজেএৱাই কাৰ্ড বিতৰণ কৰা হ’ব ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!