27.7 C
Assam
Sunday, July 3, 2022

Featured News

Neramac-1st Green Innovation Pitch for the Students in NER

June, 29th, 2022: NERAMAC (North East Regional...

ABSU’s special orientation programme concludes

The influential All Bodo Students Union (ABSU)...

আজি শিল্পী দিৱস, ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ

Assamese Newsআজি শিল্পী দিৱস, ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ

দেওঁবাৰে শিল্পী দিৱস । প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয় । ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্ম লাভ কৰিছিল। ১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনটোতে মৃত্যু হৈছিল ৰূপকোঁৱৰৰ।১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচিত্ৰ জয়মতীৰ নিৰ্মান কৰিছিল ।

দেওঁবাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যৰ আকাশ বতাহ মুখৰ হয় ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে । ৰূপকোঁৱৰ স্মৃতিত দেওঁবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় শিল্পী দিৱসৰ। সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভাৱে যোৰহাটত শিল্পী দিৱসৰ আয়োজন কৰাৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত ৰাজ্যিক ভিত্তিত উদযাপন কৰা হ’ব শিল্পী দিৱস ।

ইফালে গোলাঘাটত ৰাজ্যিক ভিত্তিত উদযাপন কৰা শিল্পী দিৱসত যশস্বী শিল্পী নমিতা ভট্টচাৰ্য আৰু ইন্দ্ৰেশ্বৰ পেগুক প্ৰদান কৰা হ’ব অসম চৰকাৰৰ শিল্পী বঁটা । এই অনুস্থানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: