28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

আদাৰ এই সমূহ ঔষধি গুণৰ বিষয়ে আপুনি জানে নে…

Assamese Newsআদাৰ এই সমূহ ঔষধি গুণৰ বিষয়ে আপুনি জানে নে...

আদা সকলোৰে পৰিচিত এবিধ মছলা জাতীয় উদ্ভিদ। এইবিধ উদ্ভিদৰে গা গছডাল মাটিৰ ওপৰত থাকে আৰু কাণ্ড মাটিৰ তলত হয়।( Assamese Health Tips )

মছলা জাতীয় উদ্ভিদ হোৱাৰ বাবে ৰন্ধন কাৰ্য্যত আদা প্ৰচুৰ ব্যৱহাৰ হয়। আদাৰ পৰা, আচাৰ, চাটনি, আদিও তৈয়াৰ কৰা হয়। আদাৰ বহু ঔষধি গুণ আছে। সেয়ে বিভিন্ন ৰোগৰ প্ৰতিৰোধ হিচাপে আদা ব্যৱহাৰ কৰা হয়।

আদাৰ ঔষধি গুণ সমূহ হৈছে-

১/আদাৰ ৰস, নেমুৰ ৰস, আৰু মৌ সমপৰিমানণে লৈ দিনে তিনি-চাৰিবাৰ খালে কাঁহত আৰাম পোৱা যায়।

২/ভোক নালাগিলেও আদা কাটি নিমখ চটিয়াই খালে, ভোক লাগে। পেটত গেছ হলেও এনেদৰে খালে আৰাম পোৱা যায়।

৩/মাত বহিলে আদাৰ ৰসৰ লগত মৌ মিহলাই খালে মাত ওলাই।

৪/আদাই হজম কৰাত সহায় কৰে।

৫/জ্বৰ হলে আদাৰ ৰস, পদিনাৰ ৰস আৰু সান্ধ্য লৱণ মিহলাই খালে উপকাৰ পোৱা যায়। ( Assamese Health Tips )

৬/কোষ্ঠকাঠিন্যত কষ্ট পোৱাসকলে সমান পৰিমাণে আজৱাইন, আদা আৰু গুড় মিহিকে পিহি গৰুৰ ঘিউত ভাজিব লাগে। তাৰ পিছত মিশ্ৰণ খিনি পানীত দি পগাব লাগে। মিশ্ৰণ খিনি নিয়মিত ভাৱে খালে কোষ্ঠকাঠিন্য কমে।
৭/বমি হলে আদা আৰু পিয়াঁজৰ ৰস মিহলাই খালে বমি বন্ধ হয়।
৮/পাতল পায়খানা হলে আদা পিহি পানীত উতলাই সেই পানী দিনে ২-৩বাৰ ৰোগীক খুৱালে ৰোগ নিৰাময় হয়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!