32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

আপুনি জনাতকৈও মদ্যপানে অধিক বেছি ক্ষতি কৰে হৃদযন্ত্ৰৰ : অধ্যয়ন

Assamese Newsআপুনি জনাতকৈও মদ্যপানে অধিক বেছি ক্ষতি কৰে হৃদযন্ত্ৰৰ : অধ্যয়ন

মদ্যপান বা সুৰাপান (alcohol) কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। তথাপিও পৰিমিতভাৱে সেৱন কৰিলে ইয়াক নিৰাপদ বুলি বহুতে গণ্য কৰে। কিন্তু সত্যটো হ’ল যে মদ্যপান আমাৰ হৃদয় (heart)ৰ বাবে পূৰ্বতে ভবাতকৈ অধিক বিপদজনক বুলি দাবী কৰিছে এক নতুন অধ্যয়নে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ইউৰোপীয় সংঘত সুৰাৰ সেৱন অতি বেছি। দীৰ্ঘদিন মদ্যপান কৰাটো মাৰাত্মক বুলি সকলোৱে জানে, কিন্তু ইউৰোপৰ দেশসমূহত এই বিষয়ে সজাগতাৰ অভাৱ। এই অধ্যয়ন ইউৰোপীয় ছ’চাইটি অৱ কাৰ্ডিঅ’লজি (ESC)ত প্ৰকাশ পাইছে।

আয়াৰলেণ্ডৰ ডাবলিনস্থিত ছেইণ্ট ভিনচেণ্ট ইউনিভাৰ্চিটি হাস্পতালৰ ডাঃ বেথানী ৱঙে (Dr Bethany Wong) কয় যে যদি আপুনি মদ্যপান নকৰে তেন্তে মদ্যপান আৰম্ভ নকৰিব। যদি আপুনি মদ্যপান কৰি আছে তেন্তে সাপ্তাহিকভাৱে ইয়াৰ পৰিমাণ কমাই দিব লাগে, যাতে হৃদযন্ত্ৰৰ নূন্যতম ক্ষতি হয়।

অধ্যয়নটোত কোৱা হৈছে যে মদ্যপানৰ সুৰক্ষিত মাত্ৰা অৰ্থাত কিমান সুৰাপান কৰিলে ক্ষতি নহয়, সেইটো নিৰ্ণয় কৰাটো অতি কঠিন। ৪০ বছৰ বয়সৰ ৭৪৪ জন প্ৰাপ্তবয়স্ক লোকৰ ওপৰত এই গৱেষণা কৰা হৈছে। ইয়াৰে অধিকাংশই আছিল উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা আদি ৰোগত আক্ৰান্ত লোক। মদ্যপান কৰা এই লোকসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা বেছি আছিল।

তেওঁলোকক প্ৰতিজনক ১০ গ্ৰামকৈ সুৰা খুৱাইছিল। সাপ্তাহিক, দৈনিক, কম বা কোনো ধৰণৰ মদ্যপান নকৰাৰ ওপৰত ভিত্তি কৰি অংশগ্ৰহণকাৰীসকলক কেইবাটাও গোটত ভাগ কৰা হৈছিল। অত্যধিক মদ্যপান কৰা মুঠ ২০১ জন ৰোগীক হাই এংঝাইটি গ্ৰেড (high anxiety grade)ত ৰখা হৈছিল।

একে সময়তে ৩৫৬ জন লোকে কম পৰিমাণে সুৰাপান কৰাৰ বিপৰীতে ১৮৭ জন লোকে সীমিত পৰিমাণত সুৰাপান কৰে। দেখা গ’ল যে প্ৰতিটো পৰিস্থিতিতে মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অধ্যয়নটোত প্ৰকাশ পাইছে যে প্ৰি-হাৰ্ট ফেইলাৰ গ্ৰুপটোৱে মদ্যপান আৰম্ভ কৰাৰ পিছত হাৰ্ট ফেইলাৰ হোৱাৰ আশংকা ৪ৰ পৰা ৫ গুণ বৃদ্ধি পাইছিল।

ডাঃ ৱঙৰ মতে, পৰিমিতভাৱে মদ্যপান কৰিলেও কোনো লাভ পোৱা নাযায়। প্ৰতি সপ্তাহত ৭০গ্ৰাম বা তাতকৈ অধিক মদ্যপান কৰিলে হৃদযন্ত্ৰৰ বিকলতাৰ সম্ভাৱনা বৃদ্ধি পায়। তেওঁ লগতে কয় যে সকলো দেশেই মদ্যপান হ্ৰাস কৰা (say no to alcohol)ৰ ওপৰত জোৰ দিব লাগে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!