আম্বানিৰ ঘৰৰ সমীপত বিস্ফোৰকভর্তি বাহনঃ নিয়াৰ হাতত গ্রেপ্তাৰ মহাৰাষ্ট্রৰ আৰক্ষী বিষয়া শচীন ৱাজ

আম্বানিৰ ঘৰৰ সমীপত বিস্ফোৰকভর্তি বাহনঃ নিয়াৰ হাতত গ্রেপ্তাৰ মহাৰাষ্ট্রৰ আৰক্ষী বিষয়া শচীন ৱাজ

যোৱা মাহত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানিৰ বাসভৱনৰ সমীপলৈ বিস্ফোৰকভর্তি বাহন প্রেৰণ কৰা ঘটনা সন্দর্ভত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই গ্রেপ্তাৰ কৰিছে মহাৰাষ্ট্র আৰক্ষীৰ অতিৰিক্ত পৰিদর্শক শচীন ৱাজক৷ কালি নিশাৰ ভাগতে নিয়াই আৰক্ষী বিষয়াগৰাকীক নিজৰ জিম্মাত লৈ ১২ ঘণ্টা সময় ধৰি জেৰা কৰে৷

নিয়াৰ এখন বিশেষ আদালতে আৰক্ষী বিষয়াগৰাকীক আগন্তুক ২৫ মার্চলৈকে তদন্তকাৰী সংস্থাটোৰ জিম্মাত দিছে৷ উল্লেখনীয় যে এই ঘটনাত জড়িত থকা বুলি সন্দেহ কৰা হৈছে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ অন্য কেইবাগৰাকীও বিষয়া৷ ইতিমধ্যে নিয়াই এই বিষয়াসকললৈ জাননী জাৰি কৰিছে৷

লক্ষণীয়ভাৱে শচীন ৱাজ মহাৰাষ্ট্রৰ সন্ত্রাস প্রতিৰোধী স্কোৱাডৰ তদন্তৰ সন্মুখীনো হ’বলগীয়া হৈছে৷ দুটাকৈ গোচৰত সন্ত্রাস প্রতিৰোধী স্কোৱাডে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত চলাই আছে৷ ইয়াৰ ভিতৰত এগৰাকী ব্যৱসায়ীৰ হত্যাকাণ্ডৰ গোচৰো আছে৷
Source – Niyomiyabarta

Jenifer