খনামুখৰ নিতুল গগৈৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু

1 min read

চীন সীমান্তৰ বৰফাবৃত দুর্গম এলেকাত দায়িত্ব পালন কৰি থকাৰ সময়তে অষ্টম অসম ৰেজিমেণ্টৰ সেনা জোৱান নিতুল গগৈৰ মৃত্যু (৪৩) হৈছে৷ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তর্গত খনামুখ টিপমীয়া গাঁৱৰ সেনা জোৱানজন লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কর্মৰত হৈ আছিল৷ অসমৰ জোৱানজনৰ কি পৰিস্থিতিত মৃত্যু হ’ল এইপর্যন্ত জানিব পৰা হোৱা নাই৷ গৌৰীসাগৰ থানাৰ অন্তর্গত খনামুখ টিপমীয়া গাঁৱৰ প্রয়াত মইনা গগৈৰ পুত্র নিতুল গগৈৰ নশ্বৰ দেহ কাইলৈ দিনৰ ভাগত স্বগৃহ পাবহি বুলি জানিব পৰা গৈছে৷
Source – Niyomiyabarta

You May Also Like

More From Author