38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

ইচ্ছাধাৰী নাগ-নাগিন থাকে নে নাথাকে জানি লওঁক…

Assamese Newsইচ্ছাধাৰী নাগ-নাগিন থাকে নে নাথাকে জানি লওঁক...

প্ৰিয় পাঠকসকল পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায়।তাত সকলোতকৈ ৰহস্যময় হ’ল সাপ।
(Assamese Fact )

প্ৰাচীন কালৰ পৰাই সাপক পূজা কৰা দেখা যায় বা কৰি আহিছে। বিশেষকৈ ইচ্ছাধাৰী সাপ।যিয়ে যিকোনো ৰূপ ল’ব পাৰে আৰু নিজৰ শক্তিৰে কাৰোবাক মাৰিবও পাৰে।

প্ৰাচীন কালত এদিন নাগ আৰু নাগিনে লগ কৰি আছিল অৰ্থাৎ একেলগে আছিল। তেতিয়া কেইজনমান চিকাৰীয়ে দেখিলে আৰু সিহঁতৰ ওপৰত আক্ৰমণ কৰিলে। যাৰ ফলত নাগটোৰ মৃত্যু হ’ল আৰু নাগিনজনী আঘাতপ্ৰাপ্ত হৈ পৰিল। তাৰ পিছত নাগিনজনীয়ে শিৱৰ তপস্যা কৰিলে।নাগিনৰ তপস্যাত শিৱ প্ৰসন্ন হ’ল আৰু তেওঁ সেই নাগিনজনীক বৰদানত দিলে ।
বৰদানৰ ফলত সেই নাগিনজনীয়ে যেতিয়াই বিচাৰে তেতিয়াই নিজৰ ৰূপ সলনি কৰিব পাৰে। তাৰ পিছৰে পৰা ১০০বছৰ সম্পূৰ্ণ কৰা সাপে এক বিশেষ শক্তি লাভ কৰা হ’ল আৰু তেওঁলোকৰ ওচৰলৈ নাগমণি আহি পৰে যাৰ ফলত বিভিন্ন কাম কৰিব পাৰে। নাগমণি পোহৰতে সাপে ৰাতিও চিকাৰ কৰিব পাৰে।এই মণিটোৱে সাপৰ সকলো ইচ্ছা পূৰণ কৰে আৰু এইটো যদি মানুহে পায় যায় তেতিয়া সেই মানুহজন সুস্থ হৈ থাকে আৰু পইচা পাতিৰ অভাৱ নহয়। তেওঁলোকৰ সকলো ইচ্ছাও পূৰণ হয়। (Assamese Fact )

সেই কাৰণে প্ৰাচীন কালৰ পৰাই সাপ ধৰা মানুহে এনেকুৱা সাপ বিচাৰি থাকে। ইচ্ছাধাৰী নাগ-নাগিনৰ কাহিনী সকলোতে দেখা যায়।চীনৰ লোক কথাত এনেকুৱা সাপৰ কথা শুনা যায় যে সিহঁতি দূৰ্গম পাহাৰত থাকিছিল। ১০০বছৰ তপস্যা কৰা পাছত সিহঁতি বহুত ধুনীয়া ছোৱালী হৈ পৰিল। কোৱা হয় যে এজনী নাগিন আছিল তাই দিনত মানুহক আকৰ্ষিত কৰে আৰু ৰাতি মানুহক মাৰে।

জৈন ধৰ্মতো এনেকুৱা সাপৰ কথা কোৱা হয়।লগতে সিহঁতি মানুহৰ ৰূপ ল’ব পাৰে বুলিও কোৱা হৈছিল। মহাভাৰতত বৰ্ণনা কৰা আছে যে ভীমৰ পুতেকৰ বিয়া এজনী নাগ কন্যাৰ লগত হৈছিল।নাগকন্যা বহুত ধুনীয়া বুলি কোৱা হয়। বনবাস লৈ যাওঁতে অৰ্জুনেও নাগকন্যাক লগ পায় বিয়া পাতিছিল। তাই অৰ্জুনক বৰদান দিয়ে যে পানীত থকা সকলো জীৱয়ে অৰ্জুনৰ কথা শুনিব আৰু তেওঁক কোনেও হৰোৱাব নোৱাৰে।

শিৱৰ ডিঙিত থকা বাসুকিও ইচ্ছাধাৰী নাগ আছিল। প্ৰাচীন কালত ইচ্ছাধাৰী নাগ নাগিন লগ পোৱাতো বহুত সৰু কথা আছিল। এওঁলোকে মানুহৰ সহায় কৰে বুলি কোৱা হয়। কিন্তু কোনোবাই এওঁলোকৰ লোকচান কৰিলে এওঁলোকৰ বহুত খঙ উঠে। কিন্তু মানুহৰ সংখ্যা বাঢ়ি অহা লগে লগে এইসমূহ কম দেখিবলৈ পোৱা যায় আৰু মানুহে এইবোৰক কাল্পনিক বুলিয়ে ভাবে।
হিন্দু ধৰ্ম কোৱা হৈছে যে যেতিয়া পৃথিৱীত এই সাপৰ সংখ্যা বাঢ়ি গৈছিল তেতিয়া ভগৱান ব্ৰহ্ময়ে কৈছিল যে তোমালোক মাটিৰ তললৈ গুচি যোৱা। হিন্দু ধৰ্মত মাটিৰ তলতো স্বৰ্গ আছে বুলি কোৱা হয়।যেনে- অটল,বিটল, সুতল,তলাতল,মহাতল,ৰসাতল আৰু পাতাল ।এই ইচ্ছাধাৰী সাপ পাতালত থাকে বুলি কোৱা হয়। বহুতে মানি লৈছে যে মাটিৰ তলত বহুতো স্তৰ আছে। পাতল পৃথিৱীৰ সকলোতকৈ ভাল আৰু ধুনীয়া ঠাই।এই ঠাইসমূহলৈ যোৱা ৰাস্তা ঘন জংঘল আৰু হাবিত থাকে।যদি আপোনালোকে বেদ পুৰাণ বিশ্বাস কৰে তেতিয়া এইসমূহো বিশ্বাস কৰিব লাগে। বহুত মানুহে কয় যে আগৰ জন্মত তেওঁ ইচ্ছাধাৰী নাগিন আছিল।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!